যোগী ৰাজ্যত চাঞ্চল্যকৰ কাণ্ডঃ উদ্ধাৰ দুই কিশোৰীৰ মৃতদেহ, ধৰ্ষণৰ সন্দেহ

Bodies of 2 girls found hanging in Kanpur

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে দুগৰাকী কিশোৰীৰ মৃতদেহ। এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মৃতদেহ দুটা উদ্ধাৰৰ পিছতে মৃত কিশোৰী দুগৰাকীৰ আত্মীয়ই আৰক্ষীক এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, স্থানীয় এজন লোকে গাঁৱৰ এটা ইটা ভাটাত একেজোপা গছতে ডিঙিত দুপাট্টা লগাই ওলমি থকা অৱস্থাত কিশোৰী দুগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীৰ পৰিয়ালে গাঁৱৰে এটা ইটা ভাটাত কাম কৰে।

ইয়াৰে এগৰাকী কিশোৰীৰ পিতৃয়ে অভিযোগ কৰা মতে, তিনিজন লোকে বলপূৰ্বকভাৱে কিশোৰীকেইগৰাকীক সুৰা পান কৰাই ধৰ্ষণ কৰে।

কিশোৰীগৰাকীৰ পিতৃয়ে ইটা ভাটাটোৰ ঠিকাদাৰ ৰাম ৰূপ আৰু তাত কাম কৰা সঞ্জু আৰু ৰাজু নামৰ দুজন ব্যক্তিলৈ সন্দেহৰ আঙুলি উঠাইছে।

এই আতিশয্যৰ পৰিণতিতে কিশোৰী দুগৰাকীয়ে ডিঙিত চিপজৰি লগাই আত্মহত্যা কৰে বুলি তেওঁ অভিযোগ কৰে।

এই অভিযোগৰ ভিত্তিত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে আৰু তেওঁলোকক সোধা-পোছা কৰা হৈছে বুলি স্থানীয় এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

মৰণোত্তৰ পৰীক্ষাত ঘটনা সন্দৰ্ভত প্ৰকৃত তথ্য পোহৰলৈ আহিব আৰু অভিযোগ সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতৰ কৰি তোলা হ’ব বুলি আৰক্ষী বিষয়াজনে লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।