কলকাতাত ফুৰা আৰু ব্যৱসায়ৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ ভয়াৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নলবাৰী জিলাৰ মুকালমুৱাৰ ৪জন যুৱকৰ মৃতদেহ আজি ঘৰলৈ অনা হ’ব।
ইতিমধ্যে পৰিয়ালৰ লোক আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা কলকাতাত উপস্থিত হৈছেগৈ। আনহাতে যুৱককেইজনৰ গাৱঁত শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে মৃতকেইজনৰ পৰিয়ালত কোনেও কাকো বুজাব নোৱৰা ধৰণৰ অভাৱনীয় দুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে যোৱা ২৭ আগষ্টত মুকালমুৱাৰ বক্তিয়াৰ আলী (২৮), ৰাহুল আলী (২৯), চানমহম্মদ আলী (২৯), মুজাফৰ আলী (২৪) আৰু তাৰিকুল ইছলাম (২৬) নামৰ যুৱককেইজন কলকাতালৈ ফুৰিবলৈ বুলি গৈছিল। ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হোৱাৰ লগতে সামাজিক কামতো আগৰণুৱা যুৱককেইজনৰ উদ্দেশ্য আছিল ফুৰাৰ লগতে ব্যৱসায়ৰ বাবে কিছু সা-সামগ্ৰীও ক্ৰয় কৰা। কিন্তু ২৭ আগষ্টত বিমানেৰে গৈ কলকাতাৰ অসম ভৱনত থাকি পিছদিনা অৰ্থাৎ, কালি আটাইকেইজন এখন ইন’ভা ভাৰালৈ লৈ সাগৰতীৰত ফুৰিবলৈ গৈছিল। কিন্তু বাটতে এখন তীব্ৰবেগী টেংকাৰে খুন্দিয়াই তেওঁলোকৰ ইন’ভাখন বিধ্বস্ত কৰি পেলায়। ফলত নিহত হয় ৰাহুল আলী, চানমহম্মদ আলী, মুজাফৰ আলী আৰু তাৰিকুল ইছলাম। ঘটনাত ইন’ভাখনৰ চালকজনো নিহয় হয়। কথমপি প্ৰাণ বাচে বক্তিয়াৰ আলীৰ।
উল্লেখযোগ্য যে কালি দুৰ্ঘটনাটো হোৱাৰ আগ মুহূৰ্তলৈকে যুৱককেইজনে সাগৰতীৰত ফুৰিবলৈ যোৱাৰ ফটো সহ ফেইচবুকত আপডেইট দি আছিল।
দুৰ্ঘটনাটো হোৱাৰ পিছত কালি পশ্চিম বংগৰ আৰক্ষীৰ পৰা খবৰ পোৱাৰ লগে লগে গাৱঁত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। কালিয়ে পৰিয়ালকেইটাৰ ৪জন লোক কলকাতাত উপস্থিত হৈছেগৈ। আনহাতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাও ইতিমধ্যে কলকাতাত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। আজি মৃতদেহকেইটা অসমলৈ অনাৰ কথা।