• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়ো সমাজৰ গভীৰ শ্ৰদ্ধাঞ্জলি; এবছুৰ পতাকা অৰ্ধনমিত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
November 12, 2018 7:11 pm
Pramod Bhattacharya

বড়ো ভাষাৰ গৱেষক ড০ প্ৰমোদ ভট্টাচাৰ্য্যৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্নজনে। ফটো : য়ু বি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো ভাষা-সংস্কৃতিৰ গৱেষণাৰ কামত জীৱন উচৰ্গা কৰা আৰু নিজৰ কামেৰে বড়ো ভাষা অধ্যয়নক নতুন মাত্ৰা দিয়া সাহিত্যাচাৰ্য ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়োসকলে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৯৪ বছৰ বয়সত নেমকেয়াৰ হস্পিটেলত মৃত্যু হোৱা ভট্টাচাৰ্য্য অসমত জনজাতীয় অধ্যয়নৰ অন্যতম বাটকটীয়া আৰু বিশেষভাৱে বড়ো ভাষাৰ বহু কাম কৰি তেওঁ বড়োসকললৈ ডাঙৰ অৱদান আগ বঢ়াই গৈছে।

আজি সদৌ বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভাকে ধৰি বিভিন্নটা বড়ো দল-সংগঠন আৰু ব্যক্তিয়ে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। বড়ো ছাত্ৰ সন্থাই বড়ো ভাষাৰ গৱেষকজনৰ প্ৰতি শ্ৰদ্ধা জনাই সংগঠনটোৰ পতাকা দিনটোৰ বাবে অৰ্ধনমিত কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে এক মিনিটৰ বাবে মৌনতা পালন কৰে।

Apply Now

“ভট্টাচাৰ্য্যৰ মৃত্যু কেৱল বড়োসকলৰ বাবেই নহয়, সমগ্ৰ অসমৰ সমাজখন আৰু বৌদ্ধিক জগতৰ বাবে বৃহৎ ক্ষতি।” এবছুৰ সভাপতি আৰু ৰাজ্যসভাৰ প্ৰাক্তন সদস্য উৰ্খাও গৌৰা ব্ৰহ্মই কয়।

তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি প্ৰাক্তন সাংসদজনে কয় যে বড়ো ভাষাৰ বিকাশৰ ক্ষেত্ৰত ভট্টাচাৰ্য্যৰ বৰঙনি অতি ব্যাপক।

উল্লেখযোগ্য যে বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰমোদ ভট্টাচাৰ্য্যই A descriptive analysis of Boro Language শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থ লিখাৰ লগতে Boro-Assamese অভিধানো যুটীয়াভাৱে সম্পাদনা কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভট্টাচাৰ্য্যক বড়ো ভাষা আৰু সাহিত্যলৈ আগ বঢ়োৱা অৱদানৰ বাবে উপেন্দ্ৰনাথ ব্ৰহ্ম সৈনিক মানৱতা বঁটা দিয়া হৈছিল।

বড়ো সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি আৰু শোক প্ৰকাশ

ইপিনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত বড়ো সাহিত্য সভাই বড়ো ভাষাৰ গৱেষক ড০ প্ৰমোদ ভট্টাচাৰ্য্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। আজি বিশিষ্ট গৱেষকজনৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে প্ৰয়াত ভট্টাচাৰ্য্যৰ ঘৰলৈ গৈ বড়োসকলৰ নিয়মেৰে শ্ৰদ্ধাঞ্জলি জনায়।

ভট্টাচাৰ্য্যৰ  সভাই কয় যে ভট্টাচাৰ্য্যৰ A descriptive analysis of Boro Language শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থখনে বড়ো ভাষাক ভাৰত তথা সমগ্ৰ বিশ্বত প্ৰচাৰ হোৱাত যথেষ্ট বৰঙনি আগ বঢ়ালে।

“বড়ো ভাষাক মহাবিদ্যালয়ৰ পৰ্য্যায়ত এম আই এল হিচাপে স্বীকৃতি প্ৰদান, বড়ো ভাষাত মেজৰ পাঠ্যক্ৰম হিচাপে প্ৰৱৰ্তন, স্নাতকোত্তৰ পৰ্য্যায়লৈক বড়ো ভাষা এটা সুকীয়া বিভাগ হিচাপে প্ৰৱৰ্তন আদিৰ ক্ষেত্ৰত ভট্টাচাৰ্য্যৰ অৱদান, ত্যাগ আৰু অৰিহনাৰ তুলনা নাই” বিবৃতিটোত কোৱা হয়।

“তেখেতৰ মৃত্যুত বড়ো ভাষাৰ প্ৰকৃত গুৰু এজন আমি হেৰুৱালো।” বড়ো সাহিত্য সভাই কয়।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd