• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বদৌচা কাপ: ২২ ছেপ্তেম্বৰৰ পৰা অসমতে চাওক বিদেশী ক্লাবৰ ফুটবল

NE NOW NEWS শান্তনু শইকীয়া
গুৱাহাটী , July 14, 2019 9:41 pm

2 min read

Bodousa cup football tournament begins on 22 September

দেওবাৰে বদৌচা স্প’ৰ্টছ ক্লাবৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

376
VIEWS
Share on FacebookShare on Twitter

২২ ছেপ্তেম্বৰৰ পৰা ৪ অক্তোবৰলৈকে চলিব লগা বদৌচা কাপত বিদেশী ফুটবল ক্লাবৰ খেলো অসমতে উপভোগ কৰিবলৈ পাব।

প্ৰতিযোগিতাখনৰ ৮টা গ্ৰুপত ২৪টা দলে লীগ খেলাৰ পাছত প্ৰতিটো গ্রুপৰ বিজয়ী দলৰ সৈতে এটা বিদেশী দল অথবা আই এছ এল অথবা আই লীগৰ দলে পোনপটীয়াকৈ প্ৰী-কুৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব।

গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত বদৌচা স্প’ৰ্টছ ক্লাবে আয়োজন কৰা সংবাদমেলত দেওবাৰে এই কথা জানিবলৈ দিয়ে ক্লাবটোৰ সভাপতি অৰুণ জ্যোতি মৰাণে।

“প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অসম ফুটবল সন্থা, সৰ্বভাৰতীয় ফুটবল ফেডাৰেছন, এছিয়ান ফুটবল কনফেডাৰেছন আৰু ফিফাৰ পৰা অনুমতি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ দেশী-বিদেশী ৩২টা আগশাৰীৰ দলক আমন্ত্ৰণ জনোৱা হৈছে,” মৰাণে জনায়।

আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন অসমৰ উজনি-নামনি আৰু পাৰ্বত্য জিলাৰ ৮টা স্থানত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ বাবে তিনিচুকীয়া, দুলীয়াজান, ডিগবৈ, মাৰ্ঘেৰিটা, ডিফু আৰু নলবাৰীত স্থান প্ৰায় নিশ্চিত হৈছে। বাকী স্থানৰ নিশ্চিতকৰণ প্ৰক্ৰিয়া বৰ্তমান প্ৰাথমিক পৰ্যায়ত আছে বুলি মৰাণে জনায়।

২কোটি ৫০লাখ টকা বাজেটৰ প্ৰতিযোগিতাখনৰ বিজয়ী দলে লাভ কৰিব ট্ৰফিসহ ২লাখ টকা । দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানৰ দললৈ আগবঢ়োৱা হ’ব ট্ৰফিসহ ক্ৰমে ১লাখ, ৫০হাজাৰ আৰু ২৫হাজাৰ টকাকৈ।

ফাইনেল খেলত শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’লৰক্ষক আৰু শ্ৰেষ্ঠ গ’লদাতা প্ৰত্যেককে ৫হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে পাব ট্ৰফিসহ ১হাজাৰকৈ টকা।

সংবাদমেলত বদৌচা স্প’ৰ্টছ ক্লাবৰ বিষয়ববীয়া গিৰীণ বৰা, বিনন্দ মৰাণ, মৃদুল দহোটীয়াও উপস্থিত থাকে।

এইবাৰ ১১সংখ্যক বছৰত ভৰি দিয়া প্ৰতিযোগিতা ২০১৮ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয়ভাৱে আয়োজন কৰা হৈছে। বদৌচা কাপ ২০১৮ উপলক্ষে তিনিচুকীয়া ডাক সংমণ্ডলে যোৱা বছৰ এটা বিশেষ খামো মুকলি কৰিছিল।

২০১৮ চনত প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মণিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দলে অংশ গ্ৰহণ কৰিছিল।

Recent News

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd