বদৌচা কাপ: মাজুলী, শদিয়াত দেওবাৰৰ পৰা আৰম্ভ; আহিছে বিদেশৰ ফুটবল দলো

মুখ্য মন্ত্ৰী নাহে, তপন গগৈয়ে মাজুলীত কৰিব উদ্বোধন; ভাগ লৈছে ২২টা দলে, আহিছে বাংলাদেশ, নেপালৰ দলো

bodousa cup football

মাজুলী আৰু শদিয়াত আজি দেওবাৰৰ পৰা আৰম্ভ হ’ব পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজন কৰিবলৈ লোৱা ১০ম সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতা।

মাজুলীত মৰাণ টাউন ক্লাব বনাম জেনেক্স এফ চি মাজুলী আৰু শদিয়াত বদৌচা স্প’ৰ্টছ ক্লাব বনাম কুণ্ডিল শদিয়াৰ মাজত উদ্বোধনী খেলকেইখন অনুষ্ঠিত হ’ব।

অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত, বদৌচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অসমৰ ৭টা স্থানত অনুষ্ঠিত হ’বলগা এই প্ৰতিযোগিতাখন গড়মূৰৰ মাজুলী মিনি ষ্টেডিয়ামত উদ্বোধন কৰিব শক্তি বিভাগৰ মন্ত্ৰী তপন গগৈয়ে। ফিফা আৰু এছিয়ান ফুটবল সন্থাই ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা প্ৰতিযোগিতাখন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত উদ্বোধন কৰিব বুলি পূৰ্বে আয়োজকসকলে জনাইছিল।

                        লগতে পঢ়িব পাৰে: অসমত অনুষ্ঠিত হ’ব ফিফা স্বীকৃত আন্তঃৰাষ্ট্ৰীয় খেল

অনুষ্ঠানত অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ দত্ত, মাজুলীৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বদৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকিব।

আনহাতে শদিয়া মিনি ষ্টেডিয়ামত প্ৰতিযোগিতাখন উদ্বোধন কৰিব শদিয়াৰ বিধায়ক বলীন চেতিয়াই। অনুষ্ঠানত শদিয়াৰ মহকুমাধিপতি বিশ্বজিত ফুকন, আৰক্ষী অধীক্ষক প্ৰশান্ত সাগৰ চাংমাই উপস্থিত থাকিব।

মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা ক্ৰীড়া সন্থা, সমন্বয় সংঘ, ডিগবৈৰ সহযোগত মাজুলী, তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু দুলীয়াজানত প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মণিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দলে অংশ গ্ৰহণ কৰিব।

লীগ পৰ্যায়ত অংশ ল’বলগীয়া আন দলসমূহ হৈছে ক্ৰমে বদৌচা স্প’ৰ্টছ ক্লাব, বাৰেকুৰি এফ চি, তিনিচুকীয়া ডিভিজনেল ৰে’লৱে’ স্প’ৰ্টছ ক্লাব, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ এফ চি, জেনেক্স এফ চি, কুণ্ডীল ভেলি এফ চি, মৰাণ টাউন ক্লাব, যোৰহাট টাউন ক্লাব, হালোৱাটিং ইউনাইটেড এফ চি, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ এফ চি, ডি এফ এ চাংলাং, নামৰূপ টাউন ক্লাব, জেৰাই মুদৈ যুৱ ক্ৰীড়া মঞ্চ আৰু দুলীয়াজান ক্লাব।