কাজিৰঙাৰ কঁহৰাত নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী বা সেৱন; ১৪৪ ধাৰা জাৰি

কাজিৰঙাৰ কহঁৰাত গুটকা, পানমচলা, জৰ্দা আদি ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী বা সেৱন নিষিদ্ধ কৰিছে প্ৰশাসনে। এই সম্পৰ্কত বোকাখাত মহকুমা প্ৰশাসনে কহঁৰা চাৰিআলিত জাৰি কৰিছে ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা ৷

৬ নৱেম্বৰত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে জাৰি কৰা এক নিৰ্দেশ অনুসৰি কাজিৰঙাৰ কহঁৰা আৰক্ষী চকীৰ ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত কোনো লোকে গুটকা, পান মচলা, জৰ্দা, ছুপাৰি আদি সামগ্ৰী বিক্ৰী বা সেৱন কৰিব নোৱাৰিব।

বিশ্ব পৰ্যটনৰ অন্যতম কেন্দ্ৰ কাজিৰঙাৰ কহঁৰা চাৰিআলিক প্ৰদূষণ মুক্ত কৰি ৰাখিবৰ বাবেই বোকাখাত মহকুমা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মহকুমাধিপতি বিবেক শ্যামে জনাইছে।

উল্লেখযোগ্য যে এনে সামগ্ৰী সমূহ সেৱন কৰি য’তে ত’তে পেলোৱাৰ উপৰিও বিভিন্ন পলিথিনৰ পেকেট আৰু আৱৰ্জনাই  কহঁৰাৰ চাৰিআলিৰ লগতে সমীপৰ কহঁৰা নদীও প্ৰদূষিত কৰি তুলিছে ৷ এই পৰিবেশ প্ৰদূষণৰ অন্যতম উৎস এই পান মছলা, গুটকা, ছুপাৰি আদিৰ পেকেটসমূহ বুলি অভিহিত কৰি ইয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

এই ক্ষেত্ৰত স্থানীয় লোকৰ সহযোগিতা কামনা কৰিছে মহকুমা প্ৰশাসনে ৷ কালিৰে পৰা অৰ্থাৎ ৬ নৱেম্বৰৰ পৰা কহঁৰা চাৰিআলিত এই নিষেধাজ্ঞা বলবৎ হৈছে। এতিয়াৰ পৰা কহঁৰা চাৰিআলিত এনে সামগ্ৰীৰ ব্যৱহাৰ আৰু ব্যৱসায় কোনো লোকে কৰিব নোৱাৰিব বুলি জনাইছে মহকুমাধিপতিগৰাকীয়ে।