ক’ৰ’না ভাইৰাছৰ সংক্রমণ প্ৰতিৰােধৰ বাবে বােকাখাতত সতৰ্কতামূলক ব্যৱস্থা

কৰ’না ভাইৰাছৰ সংক্রমন প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে কেতবোৰ সতর্কতামূলক ব্যৱস্থা হাতত লৈছে। এতিয়ালৈকে মহকুমাটোত ৪০০তকৈ অধিক সন্দেহজনক ব্যক্তিক ঘৰৰ ভিতৰত ৰাখি চিকিৎসকৰ দলসমূহে নিয়মতিভাৱে স্বাস্থ্য পৰীক্ষা কৰি আছে। চাহ বাগিচাসমূহত চিকিৎসা কর্মীসকলে ঘৰে ঘৰে গৈ প্ৰতিজন সদস্যৰ স্বাস্থ্য পৰীক্ষা কৰি আছে।

মহকুমাটোত ক’ৰ’না ভাইৰাছৰ প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে ছয় জনীয়া চিকিৎসকৰ দল গঠন কৰা হৈছে। বজাৰ, চাহ বাগিচা তথা বিভিন্ন ৰাজহুৱা স্থানত নিয়মিতভাৱে বীজাণু নাশক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰিছে প্রশাসনে।

ল’কডাউনৰ সময়ছোৱাত মহকুমাটোৰ কহঁৰা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহৰ তালিকা প্ৰস্তুত কৰি জনসাধাৰণক অৱগত কৰাৰ লগতে এই দোকান সমূহ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খোলা ৰখাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি ঘৰে ঘৰে শাক-পাচলিৰ যােগান ধৰাৰাে ব্যৱস্থা কৰিছে।

আনহাতে দোকানীয়ে যাতে বস্তুৰ দাম বঢ়াব নােৱাৰে তাৰ বাবে প্রশাসনে খাদ্য আৰু অত্যাবশ্যকীয় সামগ্রীৰ মূল্যৰ তালিকা প্রস্তুত কৰি দিছে। বােকাখাত পৌৰ এলেকাত বাস কৰা শ্রমজীৱি তথা দিন হাজিৰা কৰা লােকসকল যাতে খাদ্য সংকটত ভােগিব লগা নহয় তাৰ বাবে অসম চৰকাৰৰ নির্দেশ মর্মে বােকাখাত মহকুমা প্রশাসনে নিঃশুল্ক সাহায্য দিয়া আৰম্ভ কৰিছে।

ইয়াৰ উপৰি মহকুমাটোৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে প্রশাসনৰ উদ্যোগত আৱকাৰী আৰু আৰক্ষীৰ দ্বাৰা অভিযান চলাই থকা হৈছে। ইতিমধ্যে মহকুমাটোৰ কেইবাটাও স্থানত অভিযান চলাই অবৈধ সুৰাৰ ঘাতিসমূহ উৎখাত কৰাৰ লগতে বহু পৰিমানৰ সুৰা জব্দ কৰি নষ্টও কৰা হৈছে।

ক’ৰ”না ভাইৰাচৰ সংক্রমন সম্বন্ধীয় যিকোনো তথ্যৰ বাবে ট’ল ফ্রী নম্বৰ ১০৭৭ আৰু গােলাঘাট জিলা প্রশাসনৰ ০৩৭৭৪২৮৩২৮২ নম্বৰত যােগাযােগ কৰিবলৈ আহ্বান জনাইছে মহকুমা প্ৰশাসনে।