এইবাৰ নাটকৰ জৰিয়তে বোকাখাতত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

bokakhat

বোকাখাতত নাট্যমৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এতিয়া উত্তাল ৰাজ্য৷ বিভিন্নজনে বিভিন্ন মাধ্যমেৰে বিৰোধিতা কৰা বিধেয়কখনৰ বিৰুদ্ধে নাটকৰ জৰিয়তে দেওবাৰে বোকাখাতত প্ৰতিবাদ সাব্যস্ত কৰে নাট্যম নামৰ নাট্য গোষ্ঠীটোৱে৷

লগতে পঢ়ক– অধিৱেশনলৈ আহিব নালাগে প্ৰধান মন্ত্ৰী মোদী, অভূতপূৰ্ব সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ

নাটক এক জনপ্ৰিয় মাধ্যম৷ নাটকে আকৰ্ষণ কৰে সকলোকে৷ নাটকৰ ভাষা সকলোৱে বুজিও পায়৷ সেয়ে বিধেয়ক বিৰোধী বাটৰ নাটে বোকাখাতৰ বিভিন্ন ঠাইত ৰাইজৰ সমাদৰ লাভ কৰে।

প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সৰ্বসাধাৰণৰ মাজত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সজাগতাও সৃষ্টি কৰে নাট্য গোষ্ঠীটোৱে৷