কোভিদ-১৯-ত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ বলিউদৰ অভিনেতা পূৰব কোহলিৰ
জনপ্ৰিয় বলিউদৰ অভিনেতা পূৰব কোহলিয়ে মঙলবাৰে তেওঁ আৰু তেওঁৰ পৰিয়াল কোভিদ-১৯-ৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে।
ইষ্টাগ্ৰামত এই কথা ৰাজহুৱা কৰে অভিনেতা কোহলিয়ে।
‘‘বন্ধু সকল, আমি চৰ্দিত ভুগিছো আৰু কোভিদ-১৯ৰ লক্ষণ প্ৰকাশ পাইছে । এই লক্ষণ সাধাৰণ চৰ্দিৰ দৰেই কিন্তু তীব্ৰ কাঁহ আছে আৰু উশাহলোৱাত কষ্ট অনুভৱ হৈছে,’’ ইষ্টাগ্ৰামত কোহলিয়ে কয়।
কহলিয়ে প্ৰথমতে তেওঁৰ কন্যা ইয়ানাৰ শৰীৰত ক’ৰ’নাৰ প্ৰাথমিক লক্ষণে দেখা দিয়া বুলি উল্লেখ কৰে।
‘ৰ’ক অ’ন’ চলচ্চিত্ৰত সুন্দৰ অভিনয় কৰা অভিনেতা গৰাকীয়ে প্ৰথমতে তেওঁৰ কন্যা কিছু কাঁহত ভূগিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ পত্নীয়ো বুকুৰ সমস্যাত আক্ৰান্ত হৈছিল বুলি লগতে কয়।
‘‘মোৰ পত্নী আৰু কন্যাৰ শৰীৰত প্ৰাথমিক লক্ষণে দেখা দিয়াৰ পাছত মই তীব্ৰ কাঁহত ভূগিছিলো আৰু এদিন পাছত সেই কাঁহ নোহোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ ডিঙিত সুৰসুৰণি আৰম্ভ হৈছিল,’’ অভিনেতা কোহলিয়ে প্ৰকাশ কৰে।
আনহাতে, বৰ্তমান সময়ত পত্নী কন্যাকে ধৰি পৰিয়ালৰ আটাইকেইগৰাকী সদস্য জ্বৰত ভূগি আছে বুলিও তেও কয়।
উল্লেখযোগ্য যে, কোহলীয়ে পৰিয়ালৰ লগত বৰ্তমান সময়ত হোম কোৱাৰেণ্টাইনত আছে.