বলিউদৰ ফ্ল’প হিৰ’ বিবেক অ’বেৰয়ে নিৰ্মাণ কৰিব ‘লাচিত বৰফুকন’ৰ জীৱন আধাৰিত চিনেমা!

EKHOT-BU4AAkl8U

নিজৰ অভিনয় কেৰিয়াৰ সংকটত ভোগা বলিউদৰ অবিনেতা বিবেক অ’বৰয়ে অসমৰ বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন ছবি আৰু ৱেব চিৰিজ নিৰ্মাণ কৰিব।

বলিউদৰ অভিনয় ক্ষেত্ৰখনত বৰ্তমান অস্তিত্বহীন হৈ পৰা বিবেক অ’বেৰয়ে মাজুলীৰ জেংৰাইমুখত অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত জনগোষ্ঠীয় সাংস্কৃতিক বিনিময় সমাৰোহ ‘সহোদৰ ২০২০-২১’ত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

অতি কম সময়তে বলিউদত অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈও বিবেক অ’ৱৰয়ে পিছলৈ বলিউদৰ চিনেমা উদ্যোগটোত এজন ব্যৰ্থ অভিনেতা হিচাপে পৰিগণিত হৈছে।

আনকি বলিউদৰ অভিনয় ক্ষেত্ৰখনত অস্তিত্বৰ সংকটতো ভোগা দেখা গৈছে অভিনেতাগৰাকীক।

উল্লখ্যে যে বলিউদত অভিনয় দক্ষতাৰে বৰ্তি থাকিবলৈ সমৰ্থ নোহোৱা অভিনেতাজনে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি পি এম নৰেন্দ্ৰ মোদীত অভিনয় কৰি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ চেষ্টা কৰা পৰলিক্ষিত হৈছিল। এই ছবিখনত অভিনয় কৰাৰ পিছৰে পৰা বিবেক অ’বেৰয়ে বিজেপি চৰকাৰৰ প্ৰতি অগাধ ভক্তি আৰু আনুগত্য মুকলিকৈ প্ৰকাশ কৰি অহা দেখা গৈছে।

সেই সূত্ৰেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিও একেই আনুগত্য প্ৰকাশ কৰি আহিছে অভিনেতা বিবেক অ’বেৰয়ে। আনকি অসম চৰকাৰৰ সৈতে থকা মধুৰ সম্পৰ্কৰ বাবেই অভিনেতাজনে অসম চৰকাৰৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে একাধিকবাৰ অসমলৈও আহিছে।

এইবাৰো অসম চৰকাৰে আয়োজন কৰা জনগোষ্ঠীয় সাংস্কৃতিক বিনিময় সমাৰোহ ‘সহোদৰ ২০২০-২১’ত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে অসমৰ বীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত চিনেমা আৰু ৱেব চিৰিজ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে বিবেক অ’বেৰয়ে।

‘সহোদৰ ২০২০-২১’ত অংশগ্ৰহণ কৰি অভিনেতাজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘সৰ্বাদা’ বুলি সম্বোধন কৰি উপস্থিত লোকসকলক পৰিয়ালৰ সৈতে মাজুলী ভ্ৰমণ কৰিবলৈ অহা বুলিও ব্যক্ত কৰে।

ইফালে লাচিত বৰফুকনৰ জীৱন আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবিখনত অসমৰ অভিনেতাসকলক অধিক প্ৰাধান্য দিয়া হ’ব বুলিও প্ৰকাশ কৰিছে বিবেক অ’বেৰয়ে।

প্ৰশ্ন উঠিছে নিজৰে অভিনয় জীৱনৰ সংকটত ভোগা তথা ফ্লপ অভিনেতা বিবেক অ’বেৰয়ে অসমৰ প্ৰবাদ প্ৰতীম বীৰ লাচিত বৰফুকনৰ জীৱন আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবিখনত বীৰজনাক সঠিকভাৱে উপস্থাপন কৰিবলৈ সক্ষম হ’ব নে? বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ দৰে ইছলাম ধৰ্মাৱলম্বী বীৰক কাষত লৈ ৰাম সিংহৰ বিৰুদ্ধে যুদ্ধ কৰা বীৰ লাচিত বৰফুকনক এজন হিন্দু বীৰ হিচাপে প্ৰতিষ্ঠান কৰিবলৈ প্ৰয়াস কৰিব নেকি?

এনে কেতবোৰ প্ৰশ্ন এতিয়া অসমৰ সচেতন লোকৰ মাজত উদয় হোৱা দেখা গৈছে।