পোন্ধৰ বছৰীয়া দাম্পত্য জীৱনৰ ইতি; আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ ঘোষণা

Amir-Kiran

আমিৰ খান-কিৰন ৰাও।

আমিৰ খান আৰু  পত্নী কিৰন ৰাও আৰু একেলগে নাথাকে। শনিবাৰে পুৱাই এক বিজ্ঞপ্তিৰ জৰিয়তে আমিৰ আৰু কিৰনে তেওঁলোকৰ ১৫ বছৰীয়া দাম্পত্য জীৱনৰ সামৰণি মৰাৰ কথা প্ৰকাশ কৰে।

আমিৰ-কিৰনে বিজ্ঞপ্তিত উল্লেখ কৰিছে,’’যোৱা ১৫ বছৰৰ দাম্পত্য জীৱনত আমি দুয়োৱে কিছু মধুৰ মুহূৰ্ত আমি একেলগে কটাইছো। হাঁহি-আনন্দেৰে ভৰা সেই সময়ৰ মাজেৰেই দুয়োজনৰ সম্পৰ্কত লাহে লাহে বিশ্বাস, সন্মান তথা ভালপোৱাৰ জন্ম হৈছিল। এতিয়া আমি দুজনেই জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছো। পতি-পত্নী হিচাপে নহয়। বৰঞ্চ অবিভাৱক হিচাপে, এটা পৰিয়াল হিচাপে।‘’

আমিৰ-কিৰনে লগতে লিখিছে,’’ এই সিদ্ধান্ত হঠাতে লোৱা নহয়। আমি বহুদিন আগৰে পৰাই পৃথক হোৱাৰ বিষয়ে চিন্তা কৰিছিলো। কেবল সঠিক সময়ৰ বাবে অপেক্ষা কৰিছিলো। অৱশ্যে, এই সিদ্ধান্তই আমাৰ সন্তান আজাদৰ ওপৰত কোনোধৰণে প্ৰভাৱ নেপেলায়। আমি দুজনেই আজাদক ডাঙৰ কৰি তুলিম।‘’

লগতে লিখিছে,’’একেলগে ছবি তথা পানী ফাউণ্ডেশ্যনৰ  কাম কৰিম। সকলো সময়তে আমাৰ কাষত থকাৰ বাবে আমাৰ বন্ধু, আত্মীয়-স্বজনক ধন্যবাদ। এই সময়তো আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো। এই বিচ্ছেদক কেতিয়াও ইতি হিচাপে নহয়, বৰঞ্চ নতুন আৰম্ভণি হিচাপে চাবলৈ অনুৰোধ কৰিছো।‘’

উল্লেখ্য যে ২০০২চনত আমিৰ খানে তেওঁৰ প্ৰথমা পত্নী ৰীনা দত্তৰ সৈতে বিচ্ছেদ কৰে। তাৰ পাছত ২০০৫চনত পৰিচালক কিৰন ৰাওক বিয়া কৰায়। ‘লগান’ ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত ঘনিষ্ঠতা হয়। ছবিখনত সহ পৰিচালক হিচাপে আছিল কিৰন ৰাও।

২০১১চনত আমিৰ-কিৰনৰ সংসাৰলৈ ছাৰোগেছিৰ জৰিয়তে আহিছিল পুত্ৰ আজাদ। আমিৰ খানৰ প্ৰথমা পত্নী ৰীনাৰ সৈতেও আছে আমিৰৰ পুত্ৰ জুনেইদ আৰু কন্যা ইৰা।