NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত বলীউদ তাৰকা অক্ষয় কুমাৰ; হোম কোৱাৰেন্টাইনত অভিনেতাগৰাকী

April 4, 2021 12:31 pm · এন ই নাও নিউজ
অভিনেতা অক্ষয় কুমাৰ। ফাইল ফটো।

এইবাৰ কৰ’নাৰ বলি বলীউদ তাৰকা অক্ষয় কুমাৰ। দেওবাৰে পুৱাই নিজৰ কৰ’না পজিটিভ হোৱাৰ খৱৰ সদৰী কৰে অভিনেতাগৰাকীয়ে।

দেওবাৰে এটা টুইট যোগে অক্ষয়ে কয় যে আজি পুৱাই তেওঁ কৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টাইনতে আছে।

অভিনেতাগৰাকীয়ে প্ৰয়োজনীয়া স্বাস্থ্য পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে বিগত কেইদিনত তেওঁ সান্নিধ্যলৈ অহা সকলোকে কৰ’না টেষ্ট কৰাৰ বাবে আহ্বান জনাইছে।

অভিনেতাগৰাকীয়ে লগতে সোনকালেই কামলৈ উভতিব বুলিও আশা ব্যক্ত কৰিছে।

শেহতীয়া ‘ৰাম সেতু’ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল অক্ষয়। যোৱা ৩০ মাৰ্চৰ পৰা মুম্বাইত ছবিখনৰ শ্বুটিং চলিছিল।

‘ৰাম সেতু’ত অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছে নায়িকা জেকুলিন ফাৰ্মাণ্ডেজ আৰু নুছৰত ভাৰুচাই।

কোভিড বিধি অনুসৰণ কৰিয়েই শ্বুটিং চলিছিল যদিও কৰ’নাৰ পৰা হাত সাৰিব নোৱাৰিলে বলীউদৰ ‘খিলাড়ী’য়ে।

ইতিমধ্যে কেইবাগৰাকীও বলীউদ তাৰকা কৰ’নাত আক্ৰান্ত হৈছে। দুদিন পূৰ্বে আক্ৰান্ত হৈছিল আলিয়া ভাট। তদুপৰি, আমিৰ খান, কাৰ্তিক আৰিয়ান, মিলিন্দ সুমনো কৰ’নাত আক্ৰান্ত হৈছে।

Related News