দেশত যোৱা ২৪ ঘন্টাত ৯৩হাজাৰ লোক লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ বিতৰত অধিক সংখ্যক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কালিয়েই আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৫০হাজাৰ।
মহাৰাষ্ট্ৰৰ উপৰি দিল্লী , পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, কেৰেলা, ছত্তীশগড়, গুজৰাট, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যসমূহতো কৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৯৩হাজাৰ ২৪৯জন। ইয়াৰ ফলত বৰ্তমানলৈকে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১কোটি ২৪ লাখ ৮৫হাজাৰ ৫০৯জনলৈ বৃদ্ধি পালে।
আনহাতে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৫১৩জন লোকৰ মৃত্যু হৈছে। ই যোৱা বছৰৰ ডিচেম্বৰ মাহৰ অভিলেখো ভংগ কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ ৬০হাজাৰ ৪৮জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম।
বৰ্তমান দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ৬লাখ ৯১হাজাৰ ৫৯৭জন। সেইদৰে এতিয়ালৈকে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ মুঠ হৈছে ১ কোটি ১৬লাখ ২৯ হাজাৰ ২৮৯জন।
উল্লেখ্য যে যোৱা ১৬ জানুৱাৰিৰ পৰা দেশত কৰ’নাৰ টীকাকৰণ আৰম্ভ হৈছে। এতিয়ালৈকে দেশৰ ৭কোটি ৫৯লাখ ৭৯হাজাৰ ৬৫১জন লোকৰ টীকাকৰণ হৈছে।