DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেৱিকা ৰাণীৰ দীৰ্ঘতম চুম্বন! সামাজিক প্ৰথা ভাঙি ৰূপালী পৰ্দাত দেখুৱাইছিল ‘প্ৰথম চুম্বন’ৰ পথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 2:47 pm
87
VIEWS
Share on FacebookShare on Twitter

সময়কাল ১৯৩৩ চন। ভাৰতীয় চলচ্চিত্ৰই তেতিয়াও শৈশৱ অতিক্ৰম কৰাই নাছিল। আজি যাক ‘প্ৰাপ্তবয়স্ক দৃশ্য’ (এডাল্ট চিন) বুলি কোৱা হয়, চলচ্চিত্ৰ জগতৰ শিল্পীসকলে পৰ্দাত সেই সাহসী দৃশ্যবোৰ দেখুওৱাৰ কথা ভাবিবও পৰা নাছিল। কিন্তু সেই যুগত দেৱিকা ৰাণীয়ে দীঘলীয়া চাৰি মিনিটৰ বাবে চুম্বন দৃশ্যত অভিনয় কৰিছিল। সেইদৰে তেওঁ চিৰাচৰিত সামাজিক প্ৰথা ভংগ কৰিছিল।

হয়, সেয়াই আছিল দেৱিকা ৰাণী। তেওঁৰ লক্ষ্য আছিল তেওঁৰ নিজৰ চৰ্তত জীৱন যাপন কৰা। আৰু সেই পথত আগবাঢ়িবলৈ তেওঁ কেতিয়াও নিন্দা-চৰ্চাৰ প্ৰতি মনোযোগ দিয়া নাছিল। লেডিকিলাৰ নামেৰে জনাজাত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা বিবাহিত হিমাংশু ৰয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাই হওঁক; নাইবা সহ-অভিনেতাৰ সৈতে পলাই যোৱাটোৱে হওঁক, তেওঁ নিজৰ ইচ্ছামতে চলিছিল।

যি সময়ত অভিনয়ক হেয় দৃষ্টিৰে চোৱা হৈছিল, দেৱিকা ৰাণী নামৰ এগৰাকী উচ্চ শিক্ষিত মহিলাই চিনেমাজগতত যোগ দিছিল। হেলাৰঙে দখল কৰিছিল শ্ৰেষ্ঠত্বৰ আসন। তেওঁ আছিল প্ৰথম দাদাচাহেব ফালকে বঁটা প্ৰাপক। আনকি শুনা যায় যে মহাত্মা গান্ধীয়ে চোৱা একমাত্ৰ চলচ্চিত্ৰখন হৈছে ‘অস্পৃশ্য কন্যা’। যাৰ নায়িকা হৈছে একমাত্ৰ সেই দেৱিকা ৰাণী।

দেৱিকা ভাৰতৰ প্ৰথম শল্য চিকিৎসক কৰ্ণেল মন্মথনাথ চৌধুৰীৰ কন্যা আছিল। দুয়োফালৰ পৰা পিতৃ আৰু মাতৃৰ মূল ঘৰৰ সৈতে এক আত্মীয়তাৰ সম্পৰ্ক আছিল। তেওঁ ৰবীন্দ্ৰৱাথ ঠাকুৰৰ শান্তিনিকেতনত পঢ়িবলৈ গৈছিল। ৰবীন্দ্ৰনাথে নিজেই তেওঁক ‘সূৰ্যমুখী কলি’ বুলি অভিহিত কৰিছিল, মাক-দেউতাকক ডাঙৰ হোৱাৰ বাবে প্ৰয়োজনীয় যত্ন ল’বলৈ কৈছিল।

দেৱিকা পঢ়িবলৈ লণ্ডনলৈও গৈছিল। আৰু তাতেই পৰম্পৰাগত অভিনয়ত খোজ পেলাইছিল। অৱশ্যে, এগৰাকী পেছাদাৰী অভিনেত্ৰী হোৱাৰ পৰিৱৰ্তে দেৱিকাই টেক্সটাইল ডিজাইনিংক পেছা হিচাপে বাছনি কৰিছিল। কিন্তু নায়ক-প্ৰযোজক হিমাংশু ৰয়ৰ সৈতে কথা পতাৰ পিছত তেওঁৰ জীৱনৰ চকৰি ঘূৰি গৈছিল। এটাৰ পিছত এটাকৈ আহিছিলল চলচ্চিত্ৰত প্ৰৱেশ আৰু বিয়াৰ প্ৰস্তাৱ।

দেৱিকাই হিমাংশু ৰয়ক বিয়া কৰাই ভাৰতলৈ আহিছিল। শুনা যায় যে বয়সৰ পাৰ্থক্যৰ এই বিবাহ সুখী নাছিল। আনকি সেই সময়ৰ শ্ৰেষ্ঠ নায়িকাগৰাকীয়েও ঘৰুৱা হিংসাৰ অভিযোগ কৰিছিল। কিন্তু একোৱেই তেওঁৰ জীৱন, নিজৰ আকাংক্ষাক বাধা দিব নোৱাৰিলে। তেওঁ প্ৰযোজক স্বামীৰ অধীনত এখনৰ পিছত আন এখন জনপ্ৰিয় চলচ্চিত্ৰ উপহাৰ দিছে।

আনহাতে, তেওঁ ইচ্ছা অনুসৰি সম্পৰ্কত জড়িত হৈ পৰিছিল। ত্ৰিশ বছৰ বয়সত বিধৱা হোৱাৰ পিছত তেওঁ হিমাংশু ৰয়ে সৃষ্টি কৰা ‘বোম্বাই টকিজ’ৰ দায়িত্ব গ্ৰহণ কৰে। দেৱিকা ৰাণীয়েই দিলীপ কুমাৰ আৰু মধুবালাক দৰ্শকৰ আগলৈ আগবঢ়াই  দিছিল। ক্ষমতা ধৰি ৰখাৰ স্বাৰ্থত নিজকে বিভিন্ন ধৰণে ব্যৱহাৰ কৰিবলৈ তেওঁৰ কোনো দ্বিধা নাছিল।

তেওঁকলৈ বাৰে বাৰে সমালোচনাৰ ধুমুহা উঠিছিল। দেৱিকা ৰাণীয়ে ইয়াৰ সোৱাদ মন ভৰাই উপভোগ কৰিছিল! তেওঁ পুৰুষৰ হাতৰ পুতলা হ’ব নিবিচাৰিছিল, কিন্তু তেওঁ নিজৰ মানুহ ঠিকেই বাছনি কৰিছিল। বোম্বাই টকিজৰ প্ৰথম মহিলাগৰাকীয়ে নিজৰ হাতেৰে তেওঁৰ জীৱনৰকাহিনী লিখিছিল। সেয়েহে তেওঁক হয়তো অপছন্দ কৰিব পাৰে, কিন্তু অস্বীকাৰ কৰাৰ কোনো উপায় নাই।

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd