NORTHEAST NOW (Assamese)

আদিত্য পাঞ্চালী বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ; এজাহাৰ দাখিল বলিউদৰ এগৰাকী আগশাৰী অভিনেত্ৰীৰ

March 10, 2020 3:42 pm · এন ই নাও নিউজ
ফ'টো সৌজন্য ইন্টাৰনেট

বলিউদৰ এগৰাকী আগশাৰী অভিনেত্ৰীয়ে বলিউদৰ অভিনেতা আদিত্য পাঞ্চালীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

মুম্বাইৰ ভাৰ্চ’বা আৰক্ষী থানাত অভিনেত্ৰীগৰাকীয়ে আদিত্য পাঞ্চালীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

অভিনেত্ৰীগৰাকীয়ে আদিত্য পাঞ্চালীৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ আছে বুলিও দাবী কৰিছে।

উল্লেখ্য যে অভিযুক্ত আদিত্য পাঞ্চালী আৰু অভিযোগকাৰী অভিনেত্ৰীগৰাকীৰ মাজত কেবাবছৰ ধৰি বিবাদ চলি আহিছে।

অভিনেত্ৰীগৰাকীয়ে পূৰ্বৰে পৰা আদিত্য পাঞ্চালীয়ে তেওঁক শাৰীৰিকভাৱে নিপীড়ন আৰু হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ কৰি আহিছিল।

ইফালে অভিনেতা আদিত্য পাঞ্চালীয়েও স্বীকাৰ কৰিছে যে যোৱা ১৫ বছৰ ধৰি উক্ত অভিনেত্ৰীগৰাকীৰে তেওঁ কাজিয়াত লিপ্ত হৈ আহিছে।

অভিনেত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰখন আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰি কৈছে যে আদিত্য পাঞ্চালীৰ বিৰু্দ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।

২০০৪ আৰু ২০০৯ চনত পাঞ্চালীয়ে অভিনেত্ৰীগৰাকীক নিচা জাতীয় দ্ৰৱ্য খোৱাই কিছুমান আপত্তিজনক ফ’টো তুলি ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰি ১ কোটি টকা দাবী কৰিছিল বুলি অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

পাঞ্চালীক ৫০ লাখ টকা দিয়া বুলিও দাবী কৰিছে অভিনেত্ৰীগৰাকীয়ে।

আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অৱেশ্যে বলিউদৰ অভিনেতা আদিত্য পাঞ্চালীয়ে এই অভিযোগ নস্যাৎ কৰিছে।

Related News