বাংগালুৰুত কেফেৰ ভিতৰত ভয়াৱহ বিস্ফোৰণঃ ৯ জন আহত

Bomb blast in Bengaluru cafe Rameshwaram Cafe

এক ভয়াৱহ বিস্ফোৰণে আজি দিনৰ ভাগত জোকাৰি তোলে বাংগালুৰুৰ বিখ্যাত ৰামেশ্বৰম কেফে। এই বোমা বিস্ফোৰণত ৯ জন লোক আহত হৈছে। কৰ্ণাটক আৰক্ষীয়ে দিয়া তথ্যৰ আধাৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কেফেখনৰ ভিতৰত আই ই ডি বিস্ফোৰণ ঘটা বুলি নিশ্চিত কৰিছে।

বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এজন লোকে কেফেৰ ভিতৰত আই ই ডি থকা এটা বেগ ৰখা চিচিটিভি ফুটেজত ধৰা পৰে। বেগত থকা আই ই ডিটোৰ বাহিৰে চৌহদত আৰু কোনো আই ই ডি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে লগতে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে কেফেৰ ভিতৰত বেগটো ৰখাৰ পূৰ্বে অচিনাক্ত লোকজনে কেছ কাউণ্টাৰৰ পৰা টোকেন সংগ্ৰহ কৰিছিল। এই বিষয়ত কেফেৰ কেচিয়াৰজনক সোধা-পোছা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

বিস্ফোৰণত কেফেখনৰ আঠজন কৰ্মচাৰীৰ লগতে এজন গ্ৰাহক আহত হয় যদিও তেওঁলোকৰ আঘাত সংকটজনক নহয় বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিস্ফোৰণৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, ফৰেনছিক দল আৰু এটা বোমা নিষ্কাশন দল ঘটনাস্থলীত উপস্থিত থয়। আৰক্ষীয়ে বিস্ফোৰণৰ তদন্ত চলাই থকাৰ সমান্তৰালভাৱে অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে।