ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত ভাৰভাৰা ৰাওৰ অস্থায়ী জামিন বৃদ্ধি মুম্বাই উচ্চ ন্যায়ালয়ৰ

P Varavara Rao

মুম্বাই উচ্চ ন্যায়ালয়ে আজি ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত ৮১ বছৰীয়া কবি তথা সমাজকৰ্মী পি ভাৰাভাৰা ৰাওক প্ৰদান কৰা অস্থায়ী জামিন ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰে। দেশৰ সাম্প্ৰতিক ক’ভিদ পৰিস্থিতিৰ উদ্ধৃতি দি ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ৰাওক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে আদালতক ৰাওৰ স্বাস্থ্যৰ অৱস্থা সন্তোষজনক নহয় বুলি যুক্তি আগবঢ়াই স্থায়ী জামিনৰ বাবে আবেদন কৰাৰ পিছত ন্যায়াধীশ এছ এছ চিন্দে আৰু এন আৰ বৰকাৰৰ বিচাৰপীঠে পূৰ্বৰ অস্থায়ী জামিন সম্প্ৰসাৰণৰ নিৰ্দেশ জাৰি কৰে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) হৈ অধিবক্তা সন্দেশ পাটিলে গ্ৰোভাৰৰ আবেদনৰ বিৰোধিতা কৰে আৰু কয় যে যোৱা বছৰ প্ৰদান কৰা জামিন সময়ে সময়ে বৃদ্ধি কৰা হৈছিল আৰু সেয়েহে ৰাওৱে এতিয়া আত্মসমৰ্পণ কৰা উচিত।

উল্লেখ্য যে ভাৰভাৰা ৰাওৱে শুক্ৰবাৰে আত্মসমৰ্পণ কৰাৰ কথা আছিল।

আদালতে কয় যে চিকিৎসা প্ৰতিবেদনৰ মাধ্যমেৰে জামিন সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা প্ৰয়োজন। আদালতে লগতে কয় যে বৰ্তমানৰ ক’ভিদ-19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু ৰাওৰ বয়স বিবেচনা কৰি NIA ই জামিন সম্প্ৰসাৰণত আপত্তি কৰা উচিত নহয়।

২০২১ চনৰ আগষ্টত তেওঁৰ ছয় মাহৰ জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত এইয়া ৰাওৰ ষষ্ঠ জামিন সম্প্ৰসাৰণ।

ৰাওক প্ৰতিনিধিত্ব কৰা অধিবক্তা সকলে আদালতক জনায় যে ৰাওৰ পূৰ্বৰ ৰোগবোৰৰ বাহিৰেও কিছুমান নতুন ৰোগত আক্ৰান্ত হৈছে। সেয়েহে তেওঁৰ জামিন সম্প্ৰসাৰণ প্ৰদান কৰা উচিত।

ৰাওৰ সন্তানে তেওঁৰ স্বাস্থ্যৰ যত্ন ল’ব পৰাকৈ হায়দৰাবাদলৈ যাব পৰাকৈ অনুমতিও বিচাৰে অধিবক্তা সকলে।

উল্লেখ্য যে পুনেৰ ভীমা কোৰেগাঁও স্মাৰকৰ কাষত সংঘটিত হোৱা হিংসাত্মক কাণ্ডত উচতনি যোগোৱাৰ অভিযোগ তুলি ৰাওৰ লগতে কেইবাজনো কবি, সাহিত্যিক, সমাজকৰ্মী আৰু মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইতিমধ্যে গোচৰৰ অন্যতম অভিযুক্ত ষ্টেলিন স্বামীৰ কাৰাগাৰতেই মৃত্যু হৈছে।