ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ৰায়দান সংৰক্ষিত ৰাখিলে বোম্বে উচ্চ ন্যায়ালয়ে

arnab

এগৰাকী লোকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ ৰায়দান  আজি সংৰক্ষিত ৰখাৰ কথা ঘোষণা কৰে বোম্বে উচ্চ ন্যায়ালয়ে।

বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ  এছ এছ সিন্ধে আৰু ন্যায়াধীশ এম এছ কাৰ্নিকে অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে  গোস্বামীৰ অধিবক্তাই জামিনৰ বাবে প্ৰথমে ছেছন ন্যায়াধীশৰ আদালতত আবেদন জনাব লাগিছিল।

ছেছন আদালতত জামিনৰ আবেদন দাখিল কৰি বোম্বে উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত বিবেচনা কৰি চাব বুলি উল্লেখ কৰে আৰু জামিন আবেদনৰ ৰায়দান সংৰক্ষিত ৰাখে।

উল্লেখ্য কিছুদিন পূৰ্বে আলিবাগৰ আদালতে অৰ্ণৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

ইপিনে গোস্বামীৰ অধিবক্তা হৰিশ ছালভেই জামিন প্ৰদানৰ ক্ষমতা উচ্চ ন্যায়ালয়ৰ আছে  বুলি আদালতত যুক্তি প্ৰদৰ্শন কৰে।

অৰ্ণৱ গোস্বামীক জামিনত মুক্তি দিলে তেওঁ গোচৰৰ সাক্ষী প্ৰমাণ নষ্ট কৰাৰ সম্ভাৱনা থকা বুলি আত্মহত্যা কৰা লোক গৰাকীৰ অধিবক্তাই আদালতত আশংকা ব্যক্ত কৰে।