সম্প্ৰতি ক’ভিড-১৯ ৰ বাবে বন্ধ আছে আন্ত:জিলা যাতায়াত ব্যৱস্থা। কিন্তু কিছুমান মানুহৰ বাবে আন জিলালৈ যাবলগীয়া জৰুৰী কাম থাকিব পাৰে।
বিশেষ কিছুমান কাৰণত এখন জিলাৰ পৰা আন জিলালৈ যোৱাটো জৰুৰী হ’ব পাৰে।
তেনে ক্ষেত্ৰত সৰ্বসাধাৰণ লোকে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যাব পৰা কৰিবলৈ জিলা প্ৰশাসনে বাহনৰ বাবে’ ই-পাছ’ ৰ ব্যৱস্থা কৰিছে।
সেই অনুসৰি বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকক ই-পাছ দিয়াৰ বাবে দুটা লিংকৰ ব্যৱস্থা কৰিছে ৷
যদি কোনোবা ব্যক্তি জৰুৰী কামৰ বাবে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যাবলগীয়া হয় ,তেতিয়াহলে ই- পাছৰ বাবে এই লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷
Application form URL: https://serviceonline.gov.in/directApply.do?serviceld=2023 আৰু আনটো হ’ল-Application tracking/ePass download URL: https//serviceonline.gov.in.ইয়াৰ উপৰি ‘ই-পাছ’ ৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ ৱেবচাইট https://bongaigaon.gov.in/ৰ জৰিয়তে লিংক বিচাৰি চাব পাৰিব।