পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক বৰ্ধিত হাৰত মজুৰি প্ৰদানৰ কৰ্তৃপক্ষৰ লিখিত প্ৰতিশ্ৰুতি

চলিত জানুৱাৰী মাহৰ পৰা বঙাইগাঁও পৌৰ সভাৰ চাফাই কৰ্মচাৰীসকলক বৰ্ধিত হাৰত মজুৰি প্ৰদান কৰাৰ বাবে পৌৰসভা কৰ্তৃপক্ষ লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে ৷ এই কথা প্ৰকাশ কৰিছে হৰিজন মজদুৰ ইউনিয়নৰ সহকাৰী সম্পাদক সোমেন দেৱে৷

সংগঠনৰ সহকাৰী সম্পাদকগৰাকীয়ে জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ বাইশ ডিচেম্বৰত বঙাইগাঁও জিলা উপযুক্ত কাৰ্যালয়ত জিলা উন্নয়ন আয়ুক্তৰ কক্ষত বঙাইগাঁও পৌৰসভাৰ চাফাই কৰ্মচাৰী সকলৰ ন্যূনতম দৰমহা চৰকাৰে নিৰ্ধাৰিত নিৰিখত দিয়াৰ প্ৰসঙ্গত এক বৈঠক অনুষ্ঠিত হৈছিল ৷

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পৌৰসভাৰ কাৰ্যবাহী বিষয়া পুৰুষোত্তম দাস , শ্ৰম বিষয়া দেৱজিৎ কলিতা , চি আই টি ইউ অনুমোদিত হৰিজন মজদুৰ ইউনিয়নৰ সভাপতি আৰু সহকাৰী সম্পাদক সঞ্জীৱ দেৱ আৰু সোমেন দেৱ ,সামাজিক সংগঠন মহাদলিত পৰিসংঘৰ বঙাইগাঁও জিলা সভাপতি কৈলাশ বাছফৰ আৰু সম্পাদক লালন বাছফৰ উপস্থিত আছিল ।

উক্ত বৈঠকত দীৰ্ঘ সময় জোৰা আলোচনাৰ পিছত পৌৰসভাৰ ৮৮ গৰাকী তালিকাভুক্ত চাফাই কৰ্মচাৰীৰ দৈনিক মজুৰি ১০০ টকা বৃদ্ধি কৰি ৩০০ টকা কৈ দিয়াৰ দাবী পৌৰসভা কৰ্তৃপক্ষ মানি লৈছিল।

লগতে অস্থায়ী চাফাই কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধিৰ বাবে অতিৰিক্ত অৰ্থ মঞ্জুৰীৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ বাবে পৌৰসভা কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিছিল ।

সেই মৰ্মে চলিত ২০২২ চনৰ জানুৱাৰী মাহৰ পৰাই বৰ্ধিত হাৰত মজুৰি দিবলৈ পৌৰসভা কৰ্তৃপক্ষ লিখিতভাৱে প্ৰতিশ্ৰুতি দিছে । এই মাহৰ পৰাই পৌৰ সভাৰ চাফাই কৰ্মচাৰীসকলে লাভ কৰিব বৰ্ধিত হাৰত মজুৰি ৷

চাফাই কৰ্মচাৰী সকলৰ মজুৰি বৃদ্ধিৰ বাবে চি আই টি ইউৰ নেতৃত্বত গঢ়ি উঠা আন্দোলনলৈ সামাজিক সংগঠন মহাদলিত পৰিসংঘৰ বঙাইগাঁও জিলা সমিতিয়ে সক্ৰিয় সহযোগিতা কৰাৰ বাবে চি আই টি ইউৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে সংগঠনটোৰ জিলা সমিতিক ৷