DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস ‘জছনাৰ ঝিটাছ’ উন্মোচন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 6, 2022 9:45 pm
অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস ‘জছনাৰ ঝিটাছ’ উন্মোচন
213
VIEWS
Share on FacebookShare on Twitter

প্ৰথিতযশা লেখিকা অৰূপা পটংগীয়া কলিতাৰ নৱতম উপন্যাস ‘জছনাৰ ঝিটাছ’ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত উন্মোচন কৰা হয়।

চাহ বাগিচাৰ স্বাধীনতা সংগ্ৰামী মহিলা দুৰ্গী ভূমিজৰ দুখ-দুৰ্দশা ভৰা জীৱনৰ আলমত ৰচিত এই  উপন্যাস খন উন্মোচন কৰে প্ৰখ্যাত লেখিকা নিৰুপমা বৰগোঁহায়ে।

শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেখেতে বাসগৃহৰ পৰাই উপন্যাস খন উন্মোচন কৰি চমুকৈ দু-আষাৰ কয়।

অৰূপা পটংগীয়া কলিতাৰ দৰে এগৰাকী প্ৰসিদ্ধ লেখিকাৰ কিতাপ উম্নোচন কৰিবলৈ পাই পৰম সুখী বুলি তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত ভাষণ দি লেখক দিগন্ত ওজাই অৰূপা পটংগীয়া কলিতাৰ উপন্যাসৰ বিষয়ে চমুকৈ আলোকপাত কৰে।

কলিতাৰ সৃষ্টিৰ চুম্বকীয় সন্মোহনৰ এটা কাৰণ তেওঁৰ গল্প-উপন্যাসত অকথিত জীৱনৰ কঠিন কাহিনী-বৰ্ণনত প্ৰায়েই ফুটি উঠা কাব্যিকতা বুলি উল্লেখ কৰে ওজাই।

‘তেওঁৰ প্ৰায়বোৰ গল্প-উপন্যাসৰ বিষয়বস্তু অধ্যয়ন-আধাৰিত, অথচ তথ্যৰ বিৰক্তিকৰ উল্লেখৰ পৰা মুক্ত, কোনো ৰচনাৰ আৰম্ভণিতে আকৰ্ষণৰ মায়াজাল নাই— কিন্তু পঢ়ুৱৈৰ বাবে আছে অনায়াস যাত্ৰা আৰু বিচৰণৰ পাৰপত্ৰ ৷ এই বৈশিষ্ট্যবোৰ হয়তো সম্ভৱ হৈছে সময়-সমাজ, বিষয়-পঢুৱৈৰ প্ৰতি লেখিকাৰ সমান্তৰাল সংবেদনশীলতাৰ বাবে” ওজাই কয়।

লেখক-সমাজ কৰ্মী পৰেশ মালাকাৰে তেওঁৰ ভাষণত উপন্যাসৰ খনৰ চমৎকাৰ ভাষা আৰু কথনশৈলীৰ বিষয়ে উল্লেখ কৰে।

তৰুণ লেখক আবিদ আজাদে উপন্যাসখনৰ আঁৰৰ কাহিনী আৰু পটভূমিৰ বিষয়ে কয়।

‘জছনাৰ ঝিটাছ’ (জোনাকৰ চিটিকনি) নামৰ উপন্যাসখন লিখাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি লেখিকা কলিতাই কয় যে দুৰ্গী ভূমিজৰ বিষয়ে তথ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল।

উপন্যাস খনৰ কাহিনীটো আগুৱাই নিওঁতে তেওঁ লোকগাথা , পুৰাকথাৰ সহায় লোৱা বুলি উল্লেখ কৰে।

উপন্যাসখনত কিছু শৰীৰী বৰ্ণনা আছে বুলি উল্লেখ কৰি কলিতাই কয় যে দুৰ্গীৰ প্ৰতি চাহাবৰ যি আকৰ্ষণ ,সেয়া শাৰীৰিক আছিল । দুৰ্গীৰ সৈতে চাহাবৰ কোনো মনৰ সম্পৰ্ক নাছিল।

লেখক প্ৰদীপ্ত বৰগোঁহায়ে সমাজৰ বঞ্চিত, লাঞ্চিত মানুহৰ প্ৰতি অৰূপা পটংগীয়া কলিতাৰ লেখাত সহমৰ্মিতা ফুটি উঠে বুলি উল্লেখ কৰে।

স্তুতি গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত লেখক বিৰিঞ্চি কুমাৰ দাস, পৱ্ন কুমাৰ চহৰীয়ায়ো লেখিকা কলিতাৰ সৃষ্টিৰ বিষয়ে চমুকৈ কয়।

অনুষ্ঠানত সদৌ অসম ভুমিজ সমাজে লেখিকাগৰাকীক সম্বৰ্ধনা জনায়।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd