• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ সংগঠক খনিন মহন্তৰ জীৱন বিষয়ক গ্ৰন্থ উন্মোচন কৰিলে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 25, 2022 6:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমীয়াৰ সংগ্ৰামী ৰূপকথাৰ সৰৱ অনুৰণন – অনিৰ্বাণ খনিন’ শীৰ্ষক এখন গ্ৰন্থ আজি উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত।শোধনাগাৰ আন্দোলন, মাধ্যম আন্দোলন, অনুপ্ৰৱেশকাৰী বিতাড়ণ আন্দোলনৰ সন্মুখ শাৰীত থকা খনিন মহন্ত বিগত ছবছৰে শয্যাশায়ী হৈ আছে। উল্লেখ্য যে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন, বৰপেটা জিলাৰ সাধাৰণ সম্পাদকৰূপে সৰৱ আৰু সবল ভূমিকা পালন কৰিছিল খনিন মহন্তই। তেওঁৰ প্ৰখৰ বাগ্মিতা সংগঠনৰ বাবে সম্পদ আৰু জনতাৰ বাবে সাহস আছিল।

তেওঁ বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অধিবক্তা, অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ অধ্যক্ষ, অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰামোন্নয়ন বেংক লিমিটেডৰ অধ্যক্ষৰ দায়িত্বও ৰূপায়ণ কৰিছিল।
আজি গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁই আৰু বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে। উন্মোচনী সভাত উপস্থিত থাকে খনিন মহন্তৰ পত্নী সাহিত্যক, সংগঠক আৰু সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ অমিয়া মহন্তও।

Apply Now

গ্ৰন্থখন উন্মোচন কৰি ডঃ গোহাঁয়ে খনিন মহন্তৰ সৈতে অসম আন্দোলন সন্দৰ্ভত তেওঁৰ স্থিতি দোহাৰি কয় যে সেইসময়ত তেওঁৰ দৰে বহুজন নিৰ্যাতিত হৈছিল। খনিন মহন্তৰ সৈতে তেওঁৰ ৫০ বছৰৰ সান্নিধ্য সুঁৱৰি কয় যে অসম আন্দোলনৰ আৱেগিক বাতাৱৰণ আৰু তাৰ পৰৱৰ্তী সময়ৰ প্ৰক্ষাপটত মহন্তৰ আত্মসমালোচনামূলক আৰু যুক্তিনিষ্ঠ চিন্তাৰ উমান পোৱা যায়। আদৰ্শ ভিন্ন হোৱা সত্বেও খনিন মহন্তৰ উদ্দেশ্যৰ সততা আছিল বাবেই আন্দোলনৰ ভুল-ভ্ৰান্তি সম্পৰ্কে তেওঁৰ লগত নিয়মীয়াকৈ কথা পতাৰ কথা তেওঁ স্মৰণ কৰে। খনিন মহন্তই সাধাৰণ জনতাৰ দৰেই জীৱন নিৰ্বাহ কৰিছিল আৰু ক্ষমতাৰ বেহুত আবদ্ধ নহৈ আন্দোলনৰ মূল লক্ষ্যত উপনীত হোৱাৰ বিষয়েহে অনবৰত চিন্তা কৰিছিল বুলি ডঃ গোহাঁয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে।

আনগৰাকী উন্মোচক মনোজ কুমাৰ গোস্বামীয়ে সাম্প্ৰতিক ইতিহাসৰ সংগঠিত আৰু গভীৰভাৱে আলোচনা নোহোৱাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে। আন্দোলনকেন্দ্ৰিক সৃষ্টিশীল সাহিত্য ৰচনাৰ আৰু ইতিহাসৰ পৰা শিক্ষা লোৱাৰ বহু অৱকাশ আছিল। আন্দোলনৰ ব্যৰ্থতাৰ বাবে সংবাদমাধ্যমৰ সমকালীন ভূমিকাও চৰ্চাৰ প্ৰয়োজনৰ কথাও তেওঁ উপস্থাপন কৰে। এই গ্ৰন্থৰ জৰিয়তে খনিন মহন্তৰ দৰে আন্দোলনৰ আঁৰৰ নীৰৱ সংগঠকসকলৰ সংগ্ৰামী জীৱন কাহিনী নতুনকৈ পোহৰলৈ আহিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

গ্ৰন্থখনত লেখকৰ তালিকাত আছে বশিষ্ঠ দেৱ শৰ্মা, ডঃ নগেন শইকীয়া, নিৰুপমা মিশ্ৰ, দেৱব্ৰত দাস, থানেশ্বৰ বড়ো, হেমেন দাস, বৃন্দাবন গোস্বামী, অতুল বৰা, ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য, ৰেখাৰাণী দাস বড়ো, হৃষীকেশ গোস্বামী, চাণক্য দাস, গুণীন হাজৰিকা, ইছমাইল হোছেইন, জাহ্নৱী খাউণ্ড আদি ৬০ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে।

আজিৰ সভাত সমজুৱাৰ হৈ বক্তৃতা প্ৰদান কৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, সামাজিক উদ্যোগী সঞ্জীৱ সভাপণ্ডিত, খনিন মহন্তৰ অনুজ সতীৰ্থ মনোজ শইকীয়াই। ড: বিভা ভৰালী উপদেষ্টা সম্পাদক, নৱজ্যোতি পাঠক সমন্বয়ক সম্পাদক আৰু ডঃ কৰবী মহন্তই সংকলন সম্পাদকৰূপে ২৮০ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছে, প্ৰকাশ কৰিছে আদি প্ৰকাশে আৰু বিতৰকৰ দায়িত্বত আছে বৰ্ণ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd