• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিভাৱকে কিতাপ পঢ়ি দেখুৱালেহে ম’বাইল আসক্ত সন্তানেও কিতাপ পঢ়িব : অমৰজ্যোতি চৌধুৰী

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , September 15, 2019 7:35 am

2 min read

অভিভাৱকে কিতাপ পঢ়ি দেখুৱালেহে ম’বাইল আসক্ত সন্তানেও কিতাপ পঢ়িব : অমৰজ্যোতি চৌধুৰী
4.4k
VIEWS
Share on FacebookShare on Twitter

‘কিতাপ হৈছে চিন্তাৰ সমষ্টি। নিজৰ ভাষা, সাহিত্য, সংস্কৃতিক জানিবলৈ, শিপাক চিনিবলৈ কিতাপ পঢ়িব লাগে যাতে এই শিপাৰ পৰাই বিশ্ব মানৱতাৰ অংশীদাৰ হ’ব পাৰি।’ এই মন্তব্য তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ তথা ‘কিতাপ পঢ়ো আহক’ৰ গুৰিবঠা ড° অমৰজ্যোতি চৌধুৰীৰ।

আজি বিয়লি মঙলদৈ জিলা পুথিভঁৰালৰ বাকৰিত জেব্ৰা ফ’ৰ্চৰ উদ্যোগত অনুস্থিত ‘কিতাপ পঢ়ো আহক’ অনুষ্ঠানত অংশগ্ৰহণ কৰি ড° চৌধুৰীয়ে আৰু কয় যে এইয়া প্ৰথমেে গুৱাহাটীত আৰম্ভ কৰা হৈছিল আৰু পৰ্যায়ক্ৰমে অসমৰ বিভিন্ন প্ৰান্তলৈ আগবঢ়াই ইয়াক এটা আন্দোলনৰ ৰূপ দিব বিচৰা হৈছে।

অনুষ্ঠানটোত চৌধুৰীয়ে আজিৰ পৰাই সকলোকে কিতাপ কিনাৰ অভ্যাস গঢ়িবলৈ আহ্বান জনায়। আনহাতে আজিৰ একাংশ নৱ প্ৰজন্ম প্ৰচুৰ অধ্যয়নশীল হোৱাৰ বিপৰীতে আন একাংশ ম’বাইল ফোনত মচগুল হৈ থকাটো অশুভ লক্ষণ বুলি লগতে উল্লেখ কৰে।

তদুপৰি অভিভাৱকে সন্তানক কিতাপ পঢ়িবলৈ তাগিদা দিয়াৰ আগতে অভিভাৱকসকলে নিজেই কিতাপ পঢ়ি আদৰ্শ দেখুৱাবলৈ আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, শিক্ষাবিদ ইদ্ৰিছ আলীয়ে কয়, ‘আগতে আন্দোলন মানে কাৰোবাৰ বিৰোধিতা কৰা যেন অনুভৱ হৈছিল। কিন্তুু কিতাপ পঢ়াই আন্দোলনৰ ৰূপ লোৱাটো অতিশয় শুভ লক্ষণ।’

‘সাহিত্য মানেই কিতাপ কিন্তুু কিতাপ(সকলো) মানেই সাহিত্য নহয়’ বুলি উল্লেখ কৰি তেওঁ তামোল পাণৰ দোকানৰ সন্মুখৰেে গ’লে যিদৰে তাামোল এখন খাবৰ মন যায়, সেইদৰে কিতাপৰ বিপনীৰ সন্মুখেৰেে গ’লেই কিতাপ কিনাৰ অভ্যাস গঢ়িব পাৰিলে অসমৰ ছবিখনেই সলনি হৈ যাব বুলি কয় ৷

সভাৰ সামৰণিত শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত এজাক কণ কণ শিশুৱে জিলা পুথিভঁৰালত কিছুসময় কিতাপ পঢ়াৰ আনন্দ লোৱাৰ লগতে আজিৰে পৰা দৈনিক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ সংকল্প লয়।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd