• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2025 5:19 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বকো–ছয়গাঁও সম-জিলাত অৱস্থিত আপাৰ লাম্পিত অসম চৰকাৰে আৰম্ভ কৰা পথ মেৰামতিৰ কামত অভিযোগ অনুসৰি এদল মেঘালয় সমৰ্থকে বাধা দিয়াত  বৃহস্পতিবাৰে (২৮ আগষ্ট) অসম–মেঘালয় সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হয়।

বকোক আপাৰ লাম্পিৰ সৈতে সংযোগ কৰা একমাত্ৰ পথটো সুৰক্ষিত কৰিবলৈ শ্ৰমিকসকলে কালভাৰ্ট স্থাপন কৰিবলৈ আৰম্ভ কৰাৰ সময়তে মেঘালয়ৰ সমৰ্থকৰ সহযোগিতাত কেইবাজনো খাচী বাসিন্দাই হস্তক্ষেপ কৰি শ্ৰমিকসকলক সেই স্থান এৰি যাবলৈ বাধ্য কৰা বুলি জানিব পৰা গৈছে।

প্ৰায় পাঁচ বছৰ পূৰ্বে অসম চৰকাৰে নিৰ্মাণ কৰা ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো দীৰ্ঘদিনীয়া বিতৰ্কৰ বিষয় হৈয়ে আছে। মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ বাসিন্দাসকলে অঞ্চলটোৰ মালিকীস্বত্ব দাবী অব্যাহত ৰাখিছে।

ইয়াৰে এজন শ্ৰমিক গোপাল শৰ্মাই মেঘালয় আৰক্ষীয়ে চলি থকা কামত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি কয় যে অচিনাক্ত ব্যক্তিয়ে নিৰ্মাণ স্থানৰ সমীপত নিৰ্মিত বাঁহৰ জুপুৰি এটা ভাঙি পেলায়।

অসম আৰক্ষীৰ সীমান্ত আউটপোষ্ট আপাৰ লাম্পিৰ পৰা এক কিলোমিটাৰৰো কম দূৰত্বত সংঘটিত হয় এই সংঘাতৰ ঘটনা।

ঘটনাৰ পিছতে বকো আৰক্ষীৰ বিষয়া, এজন দণ্ডাধীশ আৰু লোক নিৰ্মাণ বিভাগৰ (পিডব্লিউডি) কৰ্মীসকল সেই স্থানত উপস্থিত হয়।

উপ-পৰিদৰ্শক বি ডিয়েংডোহে মেঘালয় আৰক্ষীৰ এটা দলৰ নেতৃত্বত একেটা স্থানলৈ যায়, ফলত দুয়োপক্ষৰ মাজত উত্তপ্ত বাক-বিতণ্ডা হয়।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, তাত থকাৰ সময়ত উপস্থিত দণ্ডাধীশগৰাকীও  গালি-গালাজৰ সন্মুখীন হৈছিল।

পিছত দণ্ডাধীশ ৰবেন দেউৰীয়ে নিশ্চিত কৰে যে কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে।

তেওঁ লগতে কয় যে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাই পুনৰ নিৰ্মাণ আৰম্ভ কৰাৰ পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিব।

লোক নিৰ্মাণ বিভাগৰ অভিযন্তা মাণিক দত্তই উল্লেখ কৰে যে কম্পাদলিৰ পৰা আপাৰ লাম্পিলৈকে ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটো শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছ ডি আৰ এফ)ৰ অধীনত গাৰ্ড ৱাল, নলা, আৰু কালভাৰ্ট স্থাপন কৰা হৈছে।

পৰিস্থিতি শান্ত কৰাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো অঞ্চলটোত উত্তেজনা অব্যাহত আছে। সীমান্তৱৰ্তী চহৰ লাম্পি বৃহত্তৰ অসম–মেঘালয় সীমা বিবাদৰ কেন্দ্ৰ হৈয়েই আছে ।

২০২১ চনৰ নৱেম্বৰ মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ লগতে উচ্চপদস্থ বিষয়াসকলে লৱাৰ লাম্পিত বৈঠকত মিলিত হৈ দীৰ্ঘদিনীয়া সীমান্ত সমস্যাক লৈ আলোচনা কৰিছিল।

যদিও দুয়োখন ৰাজ্যই ১২টা বিবাদিত স্থানৰ ভিতৰত ছটা স্থানত বিবাদ নিষ্পত্তি কৰিছে, তথাপিও লাম্পি অমীমাংসিত আৰু অতি সংবেদনশীল হৈয়ে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

September 20, 2025 9:33 am
ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd