• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহো জীয়াই থাকিব পাৰে ২০০ বছৰ! এক গৱেষণাত পোহৰলৈ আহিছে বাৰ্ধক্য জয়ৰ ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 6:54 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ আয়ুস বৃদ্ধি আৰু বাৰ্ধক্যক জয় কৰাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞান এক গুৰুত্বপূৰ্ণ সফলতাৰ দিশে অগ্ৰসৰ হৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মেৰু অঞ্চলত পোৱা অতি প্ৰাচীন ‘বো-হেড’ (Bowhead) তিমিৰ ওপৰত কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে মানুহো হয়তো ২০০ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে। ‘নেচাৰ’ (Nature) আলোচনীত প্ৰকাশিত এই যুগান্তকাৰী গৱেষণা অনুসৰি, তিমিত থকা এবিধ বিশেষ প্ৰটিনৰ সহায়ত কোষৰ ক্ষয়ৰোধ কৰি মানুহৰ আয়ুস বৃদ্ধি কৰাৰ এক প্ৰৱল সম্ভাৱনা প্ৰকট হৈ পৰিছে।

প্ৰকৃতিৰ এক বিস্ময় হৈছে এই বো-হেড তিমি, যি স্বাভাৱিকভাৱেই ২৬৮ বছৰ বা তাতকৈ অধিক সময় জীয়াই থাকিব পাৰে। ২০০৭ চনত বিজ্ঞানীসকলে এনে এটি তিমিৰ সন্ধান পাইছিল, যাৰ বয়স আছিল প্ৰায় ২০০ বছৰ। তিমিটোৰ চকুৰ পানীৰ পৰীক্ষাৰ জৰিয়তে এই বয়স নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ পাছতেই শতাব্দীৰ পাছত শতাব্দী ধৰি জীয়াই থকা এই জলচৰ প্ৰাণীবিধৰ ৰহস্য উদঘাটনৰ বাবে বিজ্ঞানীসকল তৎপৰ হৈ পৰে আৰু অৱশেষত জিনতেই এই ৰহস্য লুকাই আছে বুলি জানিব পাৰে।

Apply Now

ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ভেৰা গৰবুনোভা আৰু আন্দ্ৰে চেলুয়ানভে তিমিক লৈ চলোৱা পৰীক্ষাত প্ৰমাণিত হৈছে যে, তিমিক দীৰ্ঘায়ু কৰাৰ আঁৰত আছে ‘চিআইআৰবিপি’ (CIRBP) নামৰ এবিধ বিশেষ প্ৰটিন। মানুহতকৈ কেইবাগুণো অধিক কোষ থকা সত্ত্বেও তিমিৰ কৰ্কট ৰোগ নহয়। ইয়াৰ মূল কাৰণ হৈছে এই প্ৰটিনবিধে ডিএনএৰ (DNA) যিকোনো ক্ষতি তাৎক্ষণিকভাৱে মেৰামতি কৰিব পাৰে আৰু জিনৰ অস্বাভাৱিক পৰিৱৰ্তন বা মিউটেচন ৰোধ কৰে। ফলত তিমিৰ জীৱনকালত কোনো জটিল ৰোগৰ সৃষ্টি নহয়।

সাধাৰণতে ত্ৰিশ বছৰ বয়সৰ পাছৰ পৰা মানুহৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ কাৰ্যক্ষমতা প্ৰতি দহ বছৰত ৫ৰ পৰা ১০ শতাংশ পৰ্যন্ত হ্ৰাস পায়। কোষৰ ক্ৰম‘জমৰ শেষৰ অংশ অৰ্থাৎ ‘টেল’মিয়াৰ’ৰ (Telomere) ক্ষয় হোৱাৰ ফলতেই কোষৰ মৃত্যু ঘটে আৰু বাৰ্ধক্য আহে। কিন্তু তিমিত থকা এই বিশেষ প্ৰটিনবিধৰ সহায়ত এই ক্ষয়প্ৰাপ্তি ৰোধ কৰি কোষৰ জন্ম-মৃত্যুৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে। এনে কৰিব পাৰিলে মানৱ দেহত সহজে বাৰ্ধক্য নাহিব আৰু আয়ুস বহুগুণে বৃদ্ধি পাব।

ইতিমধ্যে পৰীক্ষামূলকভাৱে এই প্ৰটিনবিধ কিছুমান পতংগ আৰু মানৱ কোষত প্ৰয়োগ কৰা হৈছে। গৱেষকসকলৰ মতে, প্ৰটিন গ্ৰহণ কৰা পতংগবোৰৰ আয়ুস স্বাভাৱিকতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৱশ্যে জলজ পৰিৱেশৰ নিৰ্দিষ্ট উষ্ণতাত ক্ৰিয়াশীল এই প্ৰটিনবিধে স্থলভাগত বসবাস কৰা মানুহৰ শৰীৰৰ উষ্ণতাত কিমান ফলপ্ৰসূভাৱে কাম কৰিব পাৰিব, সেয়া এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd