অৱশেষত মুকলি আকাশৰ তললৈ আহিল বক্সাৰ মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়া। চৰাইদেউ জিলা সত্ৰ ন্যায়ধীশ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।
সামাজিক মাধ্যমত আলফা স্বাধীনক মুকলি সমৰ্থন কৰি মৰাণ ৰাইদঙীয়া গাঁৱৰ ২৩ বছৰীয়া যুৱতী প্ৰণীতা চুতীয়া জে’ললৈ যাব লগা হৈছিল ।
অৱশেষত জামিন লাভ কৰি শিৱসাগৰৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল মাইনা চুতীয়া ।
লগতে পঢ়ক: স্বাধীনতা দিৱস বৰ্জন কৰাৰ হুংকাৰ জাঁজীমুখৰ গৰখাৱৈপাৰৰ ৰাইজৰ
কাৰাগাৰৰ সন্মুখতে বিভিন্ন দল-সংগঠনে মাইনা চুতীয়া ওৰফে প্ৰণীতা চুতীয়াকউষ্ম আদৰণি সম্ভাষণ জনায়।
সামাজিক মাধ্যমত আলফাৰ সন্দৰ্ভত মন্তব্য কৰাৰ পাছতেই চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা দলে মৰাণহাট আৰক্ষী থানাত case no- 36/22, u/s- 120 (B)/121/121A IPC, R/W- Sec- 10/13/18 (B) UA(P) Act & R/W- Sec- 67 of IT Act 2000 গোচৰ ৰুজু কৰি আটক কৰিছিল মাইনা চুতীয়াক। তাৰ পাছৰ পৰাই জে’লত থাকিব লগা হৈছিল মাইনা চুতীয়া ।
লগতে পঢ়ক: সতীৰ্থক গ্ৰেপ্তাৰঃ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ
শুকুৰবাৰে শিৱসাগৰৰ কাৰাগাৰৰ পৰা জামিন মঞ্জুৰ পাই এতিয়া মুকলি আকাশৰ তলত মাইনা চুতীয়া ।