ত্ৰিপুৰাত নিৰ্বাচন কেন্দ্ৰীক সংঘাতত তিনিগৰাকী লোকৰ মৃত্যু

murder at Tripura

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে ৰবিবাৰে নিশা এগৰাকী মহিলাকে ধৰি তিনিগৰাকী লোকক এজন যুৱকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। এই ঘটনাত আন এজন লোক গুৰুতৰভাবে আহত হয়। লোমহৰ্ষক ঘটনাতো ধলাই জিলাৰ মানিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পাইচেৰাম কাৰবাৰীপাৰা গাঁওত সংঘটিত হয়।

দুটা সমষ্টি থকা ত্ৰিপুৰাৰ পূৱ ত্ৰিপুৰা লোকসভা সমষ্টিৰ বাবে ১৮ এপ্ৰিলত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

আৰক্ষীৰ ভাষ্য অনুসৰি, এজন যুৱকে আন কেইজনমান লোকৰ সৈতে কিবা কথাত তৰ্ক লাগি খঙতে হাতত থকা কুঠাৰেৰে লোককেইজনক আক্ৰমণ কৰে আৰু এই আক্ৰমণত এগৰাকী মহিলাকে ধৰি তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰ ভাবে আহত হয়।

মৃত্যু হোৱা লোককেইগৰাকী হেনাবাতি ত্ৰিপুৰা (৪৫), কাঞ্চন চাকমা (৬৮) আৰু সুবল কান্তি চাকমা (৪৫) বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে হত্যাকাৰী যুৱকজনক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে।  আৰক্ষীৰ প্ৰাথমিক তদন্তত আক্ৰমণকাৰী যুৱকজন নাবালক বুলি প্ৰমাণ হৈছে।

ঘটনা সন্দৰ্ভত ত্ৰিপুৰা কংগ্ৰেছে বিজেপিক সমালোচনা কৰি দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ পৰিবেশ বিনষ্ঠ কৰাৰ বাবে দোষাৰোপ কৰি অভিযুক্ত যুৱকজনক বিপেজিৰ সমৰ্থক বুলি মন্তব্য কৰে যদিও বিজেপিয়ে কংগ্ৰেছৰ অভিযোগ খণ্ডন কৰে।