• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি প্ৰতাৰকৰ দল, প্ৰতাৰণাৰ বাহিৰে ৰাইজক একো দিব পৰা নাই- গণেশ কছাৰী

নাগ্ৰীজুলিত বিপিএফৰ নিৰ্বাচনী সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 22, 2021 6:53 am
bpf
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰ মাথো প্ৰতাৰকৰ দল। বিজেপিয়ে মিছা মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক প্ৰতাৰণাৰ কৰাৰ বাহিৰে আন একোকে দিব পৰা নাই। এই ভাষ্য বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।

আজি ৫৮ নম্বৰ  তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলিত নাগ্ৰীজুলি ব্লক বিপিএফৰ উদ্যোগত নাগ্ৰীজুলি ব্লক পৰ্য্যায়ৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আয়োজিত সভাত উপস্থিত থাকি বিপএফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্ৰাক্তন সদস্য গণেশ কছাৰীয়ে এইদৰে মন্তব্য কৰে।

Apply Now

নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি যতীন সৰকাৰৰ পৌৰাহিত্যত অমুষ্ঠিত  সভাত ভাষণ প্ৰসংগত কছাৰীয়ে পুনৰ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধিৰে ৰাইজক কোঙা কৰি পেলাইছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যত থকা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ কথা বুজিবলৈ বাকী নাই।

ভাৰতবৰ্ষৰ লগতে অসমত  কেইবাখনো চহৰ মডেল চহৰ হিচাপে গঢ়ি তোলা, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে আদি বনোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া সকলোবোৰ যে ভুৱা প্ৰতিশ্ৰুতি আছিল সেয়া ৰাইজে আজি বুজিবলৈ বাকী নাই।

বিজেপি দলে সৰু সৰু আঞ্চলিক দল থকা পৰিষদ সমূহ নিজৰ দখললৈ আনি আঞ্চলিক দল সমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও  মন্তব্য কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী সমূহক বিজেপি দলে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও মন্তব্য কৰে। বিজেপিয়ে অসমৰ সম্পদ সমূহ এটা এটাকৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি অসমখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলিও বিষোদগাৰ  কৰে তেওঁ।

 প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনক তীব্ৰ ভাষাৰে সমলোচনা কৰি তেওঁ পুনৰ কয়- বিগত তিনিটা মাহত বিটিআৰত কি ধৰণৰ শাসন ব্যৱস্থা চলিছে সেয়া সকলোৱে দেখিছে। বিটিআৰত বাৰ্তমান কমিচনৰাজ চলিছে। ১৫-২০ শতাংশলৈকে ধনৰ কমিচন লৈ ঠিকাদাৰৰ ধন মোকোলাই দি চৰম দুৰ্নীতিত নিমজ্জিত হৈছে ইউপইপিএলৰ বিটিআৰ প্ৰশাসন।

বিটিচি চুক্তিৰ জৰিয়তে বিটিচিত যি সমূহ গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল, সেই গাঁও সমূহ বিটিআৰ চুক্তিৰ জৰিয়তে কৰ্তনৰ যি ব্যৱস্থা কৰা হৈছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে গণেশ কছাৰীয়ে।

তেওঁ কয়- এইবাৰ ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বিটিচিৰ ১২ খন আসনেই এইবাৰ বিপিএফ দলে লাভ কৰিব  আৰু কংগ্ৰেছ, বিপিএফ, এআইইউডিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মহাজোট বন্ধনৰ চৰকাৰ হব বুলি দাবী জনায় কছাৰীয়ে। অসমৰ চাহ শ্ৰমিক সকলক বিজেপি দলে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলি অসমত মহাজো‌ট বন্ধনৰ চৰকাৰ গঠন হলে চৰকাৰ গঠন হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিপিএফৰ নেতা গৰাকীয়ে ।

সভাত উপস্থিত থাকি বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে বিজেপি আৰু ইউপইপিএলৰ শাসনত আজি সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে।

সেয়ে ৰাইজে আজি পুনৰ জাকে জাকে বিপিএফ দললৈ উভতি আহিছে। তামুলপুৰ বিধান সভা সমষ্টিত ৰাইজে বিপিএফৰ এগৰাকী নিষ্ঠাবান আৰু উপযুক্ত প্ৰাৰ্থী পাইছে আৰু বিপিএফৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ জয় নিশ্চিত বুলি দাবী কৰে। সভাত উপস্থিত থাকি বিপিএফ দলৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীয়ে কয়- বিগত সময়ছোৱাত তামুলপুৰৰ বিধায়ক গৰাকীয়ে বিশেষ একো উন্নয়ন কৰিব নোৱাৰিলে।

সমষ্টিটোত শিক্ষা, স্বাস্থ্য, কৃষি, খোৱাপানী,  যাতায়তকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰয়োজন আছে। ৰাইজৰ মৰমত মই বিধায়ক হলে পৰ্য্যায়ক্ৰমে সমস্যা সমূহ সমাধান কৰি যাম। বিগত সময়চোৱাত বিজেপি আৰু ইউপইপিএল দলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ মোহ ভংগ হৈছে আৰু দলে দলে ৰাইজ আজি বিপিএফ দললৈ আহি আছে।

  বিপিএফৰ যুৱ নেতা মৃণাল বিশ্বাসে আঁত ধৰা সভাত উপস্থিত থাকি তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ  সম্পাদক উপেন বসুমতাৰী, বাক্সা জিলা কংগ্ৰেছৰ সম্পাদক আনোৱাৰ হুছেইনৰ উপৰিও কেইবা গৰকী নেতাই বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত ভাষণ ৰাখে।

আজিৰ এই সভাত বিজেপি, ইউপইপিএলকে ধৰি বিভিন্ন দল সংগঠনৰ পৰা অহা দুই শতাধিক লোকে বিপিএফ দলত যোগদান কৰে।

আজিৰ সভাতেই শংকৰ সূত্ৰধৰক সভাপতি আৰু ৰাজেশ্বৰ দাসক সম্পাদক হিচাপে লৈ নাগ্ৰীজুলি ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd