• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি প্ৰতাৰকৰ দল, প্ৰতাৰণাৰ বাহিৰে ৰাইজক একো দিব পৰা নাই- গণেশ কছাৰী

নাগ্ৰীজুলিত বিপিএফৰ নিৰ্বাচনী সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 22, 2021 6:53 am
bpf
395
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰ মাথো প্ৰতাৰকৰ দল। বিজেপিয়ে মিছা মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক প্ৰতাৰণাৰ কৰাৰ বাহিৰে আন একোকে দিব পৰা নাই। এই ভাষ্য বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।

আজি ৫৮ নম্বৰ  তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলিত নাগ্ৰীজুলি ব্লক বিপিএফৰ উদ্যোগত নাগ্ৰীজুলি ব্লক পৰ্য্যায়ৰ নিৰ্বাচন পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আয়োজিত সভাত উপস্থিত থাকি বিপএফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্ৰাক্তন সদস্য গণেশ কছাৰীয়ে এইদৰে মন্তব্য কৰে।

নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি যতীন সৰকাৰৰ পৌৰাহিত্যত অমুষ্ঠিত  সভাত ভাষণ প্ৰসংগত কছাৰীয়ে পুনৰ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধিৰে ৰাইজক কোঙা কৰি পেলাইছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰত থকা বিজেপি চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যত থকা বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ কথা বুজিবলৈ বাকী নাই।

ভাৰতবৰ্ষৰ লগতে অসমত  কেইবাখনো চহৰ মডেল চহৰ হিচাপে গঢ়ি তোলা, ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱে আদি বনোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া সকলোবোৰ যে ভুৱা প্ৰতিশ্ৰুতি আছিল সেয়া ৰাইজে আজি বুজিবলৈ বাকী নাই।

বিজেপি দলে সৰু সৰু আঞ্চলিক দল থকা পৰিষদ সমূহ নিজৰ দখললৈ আনি আঞ্চলিক দল সমূহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও  মন্তব্য কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী সমূহক বিজেপি দলে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও মন্তব্য কৰে। বিজেপিয়ে অসমৰ সম্পদ সমূহ এটা এটাকৈ বিক্ৰী কৰাৰ পৰিকল্পনা কৰি অসমখনক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলিও বিষোদগাৰ  কৰে তেওঁ।

 প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনক তীব্ৰ ভাষাৰে সমলোচনা কৰি তেওঁ পুনৰ কয়- বিগত তিনিটা মাহত বিটিআৰত কি ধৰণৰ শাসন ব্যৱস্থা চলিছে সেয়া সকলোৱে দেখিছে। বিটিআৰত বাৰ্তমান কমিচনৰাজ চলিছে। ১৫-২০ শতাংশলৈকে ধনৰ কমিচন লৈ ঠিকাদাৰৰ ধন মোকোলাই দি চৰম দুৰ্নীতিত নিমজ্জিত হৈছে ইউপইপিএলৰ বিটিআৰ প্ৰশাসন।

বিটিচি চুক্তিৰ জৰিয়তে বিটিচিত যি সমূহ গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল, সেই গাঁও সমূহ বিটিআৰ চুক্তিৰ জৰিয়তে কৰ্তনৰ যি ব্যৱস্থা কৰা হৈছে সেয়া কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰে গণেশ কছাৰীয়ে।

তেওঁ কয়- এইবাৰ ৰাজ্যত বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বিটিচিৰ ১২ খন আসনেই এইবাৰ বিপিএফ দলে লাভ কৰিব  আৰু কংগ্ৰেছ, বিপিএফ, এআইইউডিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মহাজোট বন্ধনৰ চৰকাৰ হব বুলি দাবী জনায় কছাৰীয়ে। অসমৰ চাহ শ্ৰমিক সকলক বিজেপি দলে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলি অসমত মহাজো‌ট বন্ধনৰ চৰকাৰ গঠন হলে চৰকাৰ গঠন হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হব বুলিও প্ৰতিশ্ৰুতি দিয়ে বিপিএফৰ নেতা গৰাকীয়ে ।

সভাত উপস্থিত থাকি বিপিএফ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয় যে বিজেপি আৰু ইউপইপিএলৰ শাসনত আজি সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে।

সেয়ে ৰাইজে আজি পুনৰ জাকে জাকে বিপিএফ দললৈ উভতি আহিছে। তামুলপুৰ বিধান সভা সমষ্টিত ৰাইজে বিপিএফৰ এগৰাকী নিষ্ঠাবান আৰু উপযুক্ত প্ৰাৰ্থী পাইছে আৰু বিপিএফৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীৰ জয় নিশ্চিত বুলি দাবী কৰে। সভাত উপস্থিত থাকি বিপিএফ দলৰ প্ৰাৰ্থী ৰংজা খুঙ্গুৰ বসুমতাৰীয়ে কয়- বিগত সময়ছোৱাত তামুলপুৰৰ বিধায়ক গৰাকীয়ে বিশেষ একো উন্নয়ন কৰিব নোৱাৰিলে।

সমষ্টিটোত শিক্ষা, স্বাস্থ্য, কৃষি, খোৱাপানী,  যাতায়তকে ধৰি বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰয়োজন আছে। ৰাইজৰ মৰমত মই বিধায়ক হলে পৰ্য্যায়ক্ৰমে সমস্যা সমূহ সমাধান কৰি যাম। বিগত সময়চোৱাত বিজেপি আৰু ইউপইপিএল দলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ মোহ ভংগ হৈছে আৰু দলে দলে ৰাইজ আজি বিপিএফ দললৈ আহি আছে।

  বিপিএফৰ যুৱ নেতা মৃণাল বিশ্বাসে আঁত ধৰা সভাত উপস্থিত থাকি তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ  সম্পাদক উপেন বসুমতাৰী, বাক্সা জিলা কংগ্ৰেছৰ সম্পাদক আনোৱাৰ হুছেইনৰ উপৰিও কেইবা গৰকী নেতাই বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত ভাষণ ৰাখে।

আজিৰ এই সভাত বিজেপি, ইউপইপিএলকে ধৰি বিভিন্ন দল সংগঠনৰ পৰা অহা দুই শতাধিক লোকে বিপিএফ দলত যোগদান কৰে।

আজিৰ সভাতেই শংকৰ সূত্ৰধৰক সভাপতি আৰু ৰাজেশ্বৰ দাসক সম্পাদক হিচাপে লৈ নাগ্ৰীজুলি ব্লক বিপিএফৰ নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয়।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd