গুৱাহাটীত পুনৰ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ফাইল ফটো

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নদ-নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বব ধৰিছে।

দেওবাৰৰ পৰা প্ৰতি ঘণ্টাত প্ৰায় ২-৩ ছেণ্টিমিটাৰকৈ বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ পানী।

জলসম্পদ বিভাগৰ গুৱাহাটী পূব সংমণ্ডলৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা মতে, সোমবাৰে পুৱা ব্রহ্মপুত্রৰ জলপৃষ্ঠ ৫০.৪৭ মিটাৰ ওপৰেদি বৈছে৷

দেওবাৰে ইয়াৰ জলপৃষ্ঠ গুৱাহাটীৰ বিপদ সীমা ৪৯.৬৮ মিটাৰ ওপৰলৈ উঠি ৪৯.৮০ মিটাৰ অতিক্রম কৰে৷

ইয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰৰ ব্রহ্মপুত্রৰ কাষৰীয়া সকলো অঞ্চলতে সতর্কতা জাৰি কৰিছে৷

ইতিমধ্যে ফেৰীৰ লগতে কোনো মাছমৰীয়াৰ নাও যাতে এই সময়ত ব্রহ্মপুত্রত চলোৱা নহয়, তাৰ বাবে নদী আৰক্ষী সষ্টম হৈ আছে৷

ইফালে ব্রহ্মপুত্রৰ পানী বাঢ়ি অহাৰ লগে লগে কামৰূপ মহানগৰ জিলাৰ পানীখাইতী, ৰামচিং গাঁও, চন্দ্রপুৰ, পশ্চিম মায়ং আদিৰ লগতে পাণ্ডুৰ একাংশ অঞ্চল, আজাৰা, ধাৰাপুৰৰ বহু অঞ্চল পুনৰ বানপানীয়ে বুৰাই পেলাইছে৷

আনহাতে ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ পানী বঢ়াৰ ফলত ৰাজ্যৰ প্ৰায় ২৭ খন জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই বানত প্ৰায় ২১ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।