DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দেশৰ প্ৰতিৰক্ষাত আন এক শক্তি: ৪০০ কিলোমিটাৰ দূৰত্ব আঘাত হানিবলৈ সক্ষম ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 8:52 pm
BrahMos Missile
92
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত আজি সংযোজন ঘটিল আন এক শক্তিৰ। আজি ভাৰতীয় বায়ুসেনাই ছুখয়-৩০ এম কে আই যুদ্ধ বিমানৰ পৰা ব্ৰাহ্মছ এয়াৰ লঞ্চড মিছাইলৰ দীৰ্ঘ দূৰত্বত আঘাত কৰিব পৰা সক্ষমতাসম্পন্ন নৱ সংস্কৰণ সফলতাৰে পৰীক্ষা কৰে।

এই নতুন ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰই ৪০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত সানিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে বায়ুসেনাই। এক বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই শক্তিশালী মিছাইলৰ সফল পৰীক্ষণৰ বিষয়ে সদৰী কৰে।

বিবৃতিটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “ছুপাৰছনিক ক্ৰুজ মিছাইলটোৱে বংগ উপসাগৰ অঞ্চলত আকাংক্ষিত অভিযানৰ লক্ষ্যত উপনীত হয় আৰু এই সফল পৰীক্ষাৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই দীৰ্ঘ দূৰত্বত স্থল/সাগৰীয় লক্ষ্যৰ বিৰুদ্ধে ছু-৩০ যুদ্ধ বিমানৰ পৰা নিখুঁত আক্ৰমণ চলাবলৈ সামৰ্থ্য লাভ কৰিলে।”

বিবৃতিটোত লগতে কোৱা হৈছে যে ক্ষেপণাস্ত্ৰৰ বৰ্ধিত ৰেঞ্জ ক্ষমতাৰ লগতে ছুখয়-৩০ এমকেআই বিমানৰ উচ্চ কাৰ্যক্ষমতাই ভাৰতীয় বায়ুসেনাক কৌশলগত শক্তি প্ৰদান কৰে আৰু ভৱিষ্যতৰ সম্ভাৱ্য যুদ্ধক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰাত নতুন শক্তিৰ সংযোজন ঘটায়।

বায়ুসেনা, ভাৰতীয় নৌসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO), হিন্দুস্তান এৰ’নটিক্স লিমিটেড (HAL), আৰু ব্ৰাহ্মছ স্পেচ (BAPL)ৰ যৌথ প্ৰচেষ্টাত এই সফল পৰীক্ষণ কৰা হয়।

উল্লেখ্য যে, ব্ৰাহ্মছ মিছাইল আকাশী, স্থল আৰু সাগৰীয়— আটাইকেইটা ক্ষেত্ৰৰ পৰা নিক্ষেপ কৰিব পাৰি।

Recent News

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd