নগাঁৱৰ বৰদোৱাৰ ধনিয়াভেটি সুৰাপাড়া অঞ্চলত বুধবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত নগাঁৱৰ বটদ্ৰৱাত সংঘটিত ধৰ্ষণৰ চেষ্টা চলোৱা লম্পটক আক্ৰমণ কৰি প্ৰতিহত কৰা মহিলাগৰাকীক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সাহসিকতাৰ বঁটা প্ৰদান কৰা হয়।
যুঁজাৰু দ্যা ফাইটাৰ্চ গ্ৰুপৰ সভানেত্ৰী জোনমণি দেৱী খাউণ্ড, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদ , বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সদস্য ৰাজু গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত ৰাজহুৱা সভাত স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, সমগ্র অসমত খলকনি লগোৱা নগাঁৱৰ সেই বিশেষ সাহসী মহিলাগৰাকীয়ে তেখেতক ধৰ্ষণৰ অপচেষ্টা চলোৱা আবুল কাছেম নামৰ লোকজনৰ গুপ্তাংগ কাটি পেলাইছিল। ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সভানেত্ৰী জোনমণি দেৱী খাউন্দে তেওঁক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ-২০১৮’ৰ সাহসিকতাৰ বঁটা প্ৰদান কৰে।
কালিৰ সভাত সংগঠনটোৰ বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তীয়ে নাৰীসকলৰ সজাগতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত কি দৰে নাৰীসকলৰ লগতে সমাজখনো সচেতন হ’ব লাগে তাৰ বাখ্যা দাঙি ধৰে। আনহাতে, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদে নাৰীসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত ল’ব লগা ভূমিকাৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ লগতে কাৰ্যকৰী সদস্য ৰাজু গগৈয়ে পুৰুষ আৰু নাৰীৰ যৌথ সহযোগতহে এখন সুস্থ সমাজ আশা কৰিব পাৰি বুলি মন্তব্য কৰে।
নাৰীৰ সুৰক্ষাৰ বাবে এইদৰে আগবাঢ়ি অহাৰ বাবে ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ গ্ৰুপক সভাত উপস্থিত লোকসকলে ভূয়সী প্ৰশংসা কৰাৰ লগতে সংগঠনটোৰ উত্তৰণৰ কামনা কৰে।