প্ৰাণঘাতী গৰমত বিধি উলংঘনেৰে গুজৰাটলৈ নিব খোজা হৈছে অসমৰ চাৰিটাকৈ হাতী

হাতীকেইটাই বিখ্যাত জগন্নাথ মন্দিৰৰ শোভাবৰ্ধন কৰিব, আসন্ন ৰথ যাত্ৰাত ভাগ লোৱাৰ সম্ভাৱনা

Braving heat, bending rules, 4 Assam elephants being sent to Ahmedabad

আহমেদাবাদলৈ যাবগৈ লগা বাবুলাল নামৰ হাতীটো। ছবি-- নৰ্থ-ইষ্ট নাও।

কেইবাশও লোকৰ প্ৰাণ লোৱা উত্তৰ ভাৰতৰ প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ মাজত নিয়ম উলংঘনেৰে অসমৰ চাৰিটা হাতীক আগবঢ়াই দিয়া হৈছে আহমেদাবাদমুখী এক বিপদসংকুল যাত্ৰালৈ, উদ্দেশ্য– বিখ্যাত জগন্নাথ মন্দিৰৰ শোভাবৰ্ধন।

সূত্ৰ অনুসৰি, অসমৰ বন বিভাগ দুজনী মাইকীকে ধৰি হাতী চাৰিটাক পঠোৱাৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে।

জগন্নাথ মন্দিৰত অহা ৪ জুলাইত হ’ব লগা ৰথ যাত্ৰাত ভাগ লোৱাৰ বাবে হাতী চাৰিটাক অসমৰ পৰা নিব খোজা হৈছে।

পৰম্পৰা অনুসৰি হাতীয়েই প্ৰথম জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ দৰ্শন পায় আৰু শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে। জগন্নাথৰ ৰথৰ যাত্ৰাপথৰ প্ৰতীকী পৰিষ্কৰণ বা ‘পাহিন্দ ৱিধি’ সম্পন্ন কৰে গুজৰাটৰ মুখ্য মন্ত্ৰীয়ে।

আহমেদাবাদৰ জামালপুৰত অৱস্থিত মন্দিৰটো সাধু সাৰংগদাসজীয়ে আজিৰ পৰা প্ৰায় ৪৫০ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰিছিল।

মন্দিৰটো বিখ্যাত ইয়াৰ বাৰ্ষিক ৰথযাত্ৰাৰ কাৰণে, পুৰি আৰু ক’লকাতাৰ ৰথযাত্ৰাৰ পিছতে ইয়েই আটাইতকৈ বিশাল। আহমেদাবাদ নগৰৰ বিভিন্ন অংশ হৈ এই যাত্ৰাই প্ৰায় ১৪ কিঃ মিঃ দূৰত্ব সামৰি কৰে।

কথাটো নিশ্চিত কৰি উজনি অসমৰ বন সংৰক্ষক ৰঞ্জন কুমাৰ দাসে নৰ্থ-ইষ্ট নাওক সোমবাৰে জনাৱা মতে অহা ২৪ ঘণ্টাৰ ভিতৰত হাতীকেইটা আহমেদাবাদলৈ লৈ লোৱা হ’ব।

দাসে জনাই যে তেওঁলোকৰ এই প্ৰস্তুতিৰ কাৰণ হৈছে হাতীকেইটা পৰিবহণৰ বাবে অসমৰ বন বিভাগৰ লগতে গুজৰাট চৰকাৰে ইতিমধ্যে আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ জাৰি কৰিছে।

“এখন যাত্ৰীবাহী ৰে’লত সংযোজিত বিশেষ ডবাত হাতীকেইটা নিয়াৰ বাবে আমি ব্যৱস্থা কৰি আছো,” হাতীকেইটাৰ লগত পৰিচাৰক আৰু পশু চিকিৎসকৰ দলো যাব বুলি উল্লেখ কৰি দাসে কয়।

বন সংৰক্ষকজনে কয় যে যাত্ৰীবাহী ৰে’লখনৰ ব্যৱস্থা হ’লে উজনিৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদলৈকে পাবলৈ চাৰিদিন সময় লাগিব। “মালবাহী ৰে’লত হাতীকেইটা পঠোৱা সম্ভৱ নহ’ব,” তেওঁ জনায়।

“উত্তৰ ভাৰতত প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ চলিছে। সেয়ে যথেষ্ট পৰিমাণে পানী লগত ল’বলৈ আৰু নিৰ্দিষ্ট সময়ৰ ব্যৱধানত হাতীকেইটাৰ গাত ঢালিবলৈ আমি পৰামৰ্শ দিছো, নহ’লে হাতীকেইটাই বহুত কষ্ট পাব,” দাসে জনায়।

দাসে কয় যে জগন্নাথ মন্দিৰলৈ হাতীকেইটা ছমাহৰ বাবে পঠোৱা হৈছে, আৰু অসমলৈ সিহঁতক ঘূৰাই অনাৰ দায়িত্ব হ’ব হাতীকেইটাৰ মালিকৰ।

যিসময়ত হাতীপ্ৰেমীসকল মন্দিৰত হাতী ৰখা শতিকাজোৰা পৰম্পৰাৰ বিৰোধিতা কৰি আহিছে তেনে সময়তে হাতী চাৰিটাৰ অসমৰ পৰা আহমেদাবাদ যাত্ৰাই বহুতৰে চকু কপালত তুলিছে।

অসমৰ একাংশ বনপ্ৰেমী কৰ্মীৰ মত হৈছে ছমাহৰ পিছত হাতীকেইটা আৰু অসমৰ ‘মালিক’লৈ ঘূৰি নাহে, আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ সম্পদ হিচাপেই সিহঁত থাকি যাব।

পূৰ্বেও অৰুণাচল প্ৰদেশ আৰু অসমৰ বহুকেইটা হাতী ছমাহৰ বাবে কেৰালা, গুজৰাট আৰু আন ৰাজ্যৰ মন্দিৰলৈ পঠোৱা হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰে এটা হাতীও আচল মালিকলৈ আৰু ঘূৰি নাহিল।

খবৰ অনুসৰি, আহমেদাবাদলৈ নিবলৈ লোৱা দুটা হাতী ঘৰত জন্ম হোৱা নহয়। সিহঁতক বনত ধৰি ঘৰচীয়া কৰা হৈছে, আৰু সিহঁতৰ দেহত যোৱা ১৫ জুনত মাইক্ৰ’-চিপ সংযোগ কৰা হৈছে।

সেই হাতী দুটাৰ ক্ষেত্ৰত মালিকৰ প্ৰমাণপত্ৰও জাৰি কৰা হৈছে আহমেদাবাদলৈ পৰিবহণত সহায়ক হোৱাৰ বাবে। ই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ স্পষ্ট উলংঘন।

আশ্বৰ্য্যজনকভাৱে, অসমৰ পি চি চি এফ (বন) ৰঞ্জনা গুপ্তাই বিষয়টোত কোনো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰিলে, আৰু তেওঁৰ ম’বাইল ফ’ন বন্ধ কৰি দিলে।

সূত্ৰ মতে, বৰ্তমান আহমেদাবাদৰ জগন্নাথ মন্দিৰ ১৩টাকৈ হাতীৰ গৰ্বিত মালিক আৰু তাৰ বেছিভাগেই অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা নিয়া।

কিন্তু, আটাইকেইটা হাতীৰে স্বাস্থ্য বৰ্তমান বেয়া আৰু বেছিকেইটাই ছালৰ সংক্ৰমণত ভুগিছে আৰু সিহঁতৰ দেহত পানী কমি গৈছে।

যোৱা কিছুমাহত পশু বিশেষজ্ঞই হাতীকেইটাৰ চোৱা-চিতা কৰি আছে, আৰু তাৰে এটা অসমৰ। বিশেষজ্ঞই বোলে হাতীকেইটা চাফ-চিকুণকৈ আৰু উন্নত পৰিৱেশত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে।