ভাৰতৰ নিজৰ কোভিড ভেকচিন কোভাক্সিন ক্ৰয় কৰিব বুলি কথা দিয়াৰ পিছতো অৱশেষত ব্ৰাজিলৰ চৰকাৰে আজি পূৰ্বৰ সিদ্ধান্তৰ পৰা আঁতৰি আহি এইবুলি কৈছে যে ভাৰতৰ পৰা কোভিড ভেকচিন ক্ৰয় কৰা নহ’ব।
উল্লেখ্য ভাৰতৰ পৰা ব্ৰাজিলে ২০ নিযুত কোভাক্সিন ভেকচিন ক্ৰয় কৰাৰ কথা আছিল।কিন্তু কিয় হঠাতে ব্ৰাজিলে ভাৰতৰ পৰা কোভাক্সিন ভেকচিন ক্ৰয় কৰাৰ সিদ্ধান্ত বাতিল কৰিলে?
ভাৰতৰ পৰা ভেকচিন ক্ৰয় কৰিবলৈ যি চুক্তি হৈছিল সেই চুক্তিত নানান আসোঁৱাহ থকাৰ বাবেই দেশ খনে ভেকচিন ক্ৰয় কৰাৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে।ব্ৰাজিলৰ স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে এই ক্ষেত্ৰত বিশে। অসুবিধা হোৱা বাবেহে এনে সিদ্ধান্ত লোৱা হৈছে।তেওঁ অৱশ্যে সেই বিশেষ অসুবিধা কি সেয়া উল্লেখ কৰা নাই।
জানিব পৰা মতে কোভাক্সিনৰ দামৰ বাবেই ব্ৰাজিলে এই সিদ্ধান্ত লৈছে।ভাৰতে প্ৰতিপালি কোভাক্সিনৰ মূল্য ১৫-২০ মাৰ্কিন ডলাৰ নিৰ্ধাৰণ কৰিছিল। কিন্তু ব্ৰাজিলে প্ৰতিটো কোভাক্সিন ভেকচিনৰ দাম ৫ ডলাৰকৈহে দিব বিচাৰিছে।
উল্লেখ্য ব্ৰাজিলে ভাৰতৰ পৰা কোভিশ্বিল্ড ভেকচিন বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছোনাৰোই মোদীলৈ লিখা পত্ৰত দুই নিযুত কোভিশ্বিল্ড ভেকচিন ব্ৰাজিলক প্ৰদান কৰিবলৈ টানি অনুৰোধ জনাইছিল।
আইচিএমআৰ আৰু হায়দৰাবাদৰ ভাৰত বায়’টেকৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা হৈছে এই ভেকচিন।
ভাৰতত এতিয়া চাৰিটা ভেকচিন প্ৰস্তুত হৈছে। সেইকেইটা হৈছে কোভিশিল্ড, কোভাক্সিন, জাইডাক কেডিলাৰ ZyCoV-D আৰু ৰাছিয়াৰ Sputnik-V।