• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবিধ বিষাক্ত সৰ্পৰ বিষৰ পৰা প্ৰস্তুত কৰা ঔষধে প্ৰতিৰোধ কৰিব কৰোনা ভাইৰাছ!

নাৰ্থ ইষ্ট নাও by নাৰ্থ ইষ্ট নাও
September 1, 2021 5:35 pm
Vipper1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুবছৰীয়া কৰোনা সন্ত্ৰাসৰ মাজতে বিশ্বৰ চিকিৎসা গৱেষকসকলক উৎফুল্লিত কৰি তোলা খবৰ প্ৰকাশ পাইছে।

ব্ৰাজিলত উপলব্ধ এক বিশেষ সাপৰ বিষৰ পৰা ঔষধ প্ৰস্তুত কৰি কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিব পৰা যাব পাৰে!

Apply Now

আন্তৰাষ্ট্ৰীয় সংবাদ পত্ৰ ৰয়টাৰ-এ ব্ৰাজিলৰ গৱেষকৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে ব্ৰাজিলত উপলব্ধ এবিধ বিষাক্ত সাপৰ বিষৰ ক্ষুদ্ৰকণা তথা অণুৱে বান্দৰৰ শৰীৰ তথা কোষত থকা কৰোনাভাইৰাছৰ প্ৰজনন প্ৰতিৰোধ কৰে।

গৱেষকসকলে বান্দৰৰ শৰীৰত থকা কৰোনাভাইৰাছৰ প্ৰজনন প্ৰতিৰোধ কৰা সেই বিশেষ সাপ বিধৰ বিষৰ পৰাই বিশ্বজুৰি সন্ত্ৰাস সৃষ্টি কৰা COVID-19 ভাইৰাছৰ সৈতে যুঁজিবলৈ ঔষধ প্ৰস্তুত কৰাৰ সম্ভৱনাও ব্যক্ত কৰিছে।

ৰয়টাৰ-ত প্ৰকাশ পোৱা অনুসৰি ব্ৰাজিলৰ গৱেষকসকলৰ মতে কোৰানাৰ প্ৰতিৰোধী যুঁজৰ ক্ষেত্ৰত ই সম্ভাৱ্য ঔষধ হিচাপে প্ৰথম পদক্ষেপ হ’ব পাৰে।

চলিত মাহত বিজ্ঞানভিত্তিক জাৰ্ণাল Moleculesত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে জাৰাৰাকুচু পিট ভাইপাৰ নামৰ বিষাক্ত সৰ্পৰ বিষাক্ত ক্ষুদ্ৰ কণাই বান্দৰ কোষত বৃদ্ধি পোৱা ভাইৰাছক ৭৫% প্ৰতিৰোধ তথা হ্ৰাস কৰিব পাৰে।

চাও পাওলো বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু গৱেষণাৰ প্ৰৱন্ধটোৰ লেখক ৰাফেল গুইডোৱে সাপৰ বিষাক্ত কণাৰ দ্বাৰা ভাইৰাছটোৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ প্ৰ’টিন প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল বুলিও মন্তব্য কৰিছে।

এই ক্ষুদ্ৰতম কণা বা অণুটো হৈছে এক পেপটাইড বা এমিনো এচিডৰ শৃংখলা, যি পিএলপ্ৰো নামৰ কৰোনাভাইৰাছৰ প্ৰজননৰ বাবে গুৰুত্বপূৰ্ণ আন কোষবোৰক আঘাত নকৰাকৈ এক এনজাইমৰ সৈতে সংযোগ কৰিব পাৰে।

গৱেষকসকলে এই বিষাক্ত সৰ্পৰ বিধৰ বিষৰ কণাৰ পৰা কৰোনাভাইৰাছ প্ৰতিৰোধী ঔষধ প্ৰস্তুতৰ সম্ভাৱনাৰ কথাহে ব্যক্ত কৰিছে।

অৱশ্যে ই সম্ভৱ হ’ব নে নাই, সম্ভৱ হ’লেও কেতিয়াকৈ সম্ভৱ হ’ব সেই সম্পৰ্কে কোনো বিতংকৈ কোৱা নাই গৱেষকসকলে।

তেওঁলোকৰ মতে পৰৱৰ্তী সময়ত অণুটোৰ বিভিন্ন পালিৰ দক্ষতা আৰু ই ভাইৰাছটোক প্ৰথমতে শৰীৰত বা কোষত প্ৰৱেশ কৰা প্ৰতিহত কৰিবলৈ সক্ষম হয় নে নাই মূল্যায়ন কৰিব।

তেওঁলোকে মানৱ শৰীৰত এই বিষাক্ত সৰ্পৰ বিষৰ পৰা আহৰণ কৰা কণাটোক পৰীক্ষা কৰাৰ বাবে আশা পালি আছে। অৱশ্যে কেতিয়াকৈ এয়া সম্ভৱ হ’ব সেই বিষয়ে গৱেষকসকলে এতিয়াই প্ৰকাশ কৰা নাই।

ভেকচিনেও কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অক্ষম হোৱা বিশ্বত ব্ৰাজিলৰ গৱেষকসকলে আশা কৰাৰ দৰে জাৰাৰাকুচু পিট ভাইপাৰ নামৰ বিষাক্ত সাপ বিধৰ বিষৰ পৰা কৰোনা ভাইৰাছৰ প্ৰতিৰোধী ঔষধ প্ৰস্তুত কৰিব পাৰিলে বিশ্ববাসীক এক সংকটৰ পৰা উদ্ধাৰ কৰাতো সম্ভৱপৰ হ’ব পাৰে।

নাৰ্থ ইষ্ট নাও

নাৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd