NORTHEAST NOW (Assamese)

অসমৰ শিশুৰ ভৰি চুই প্ৰণাম ব্ৰাজিলৰ কিংবদন্তি ভলীবল খেলুৱৈৰ; ভাইৰেল ভিডিঅ’

December 3, 2023 12:51 pm · এন ই নাও নিউজ, গুৱাহাটী

ব্ৰাজিলৰ কিংবদন্তি ভলীবল খেলুৱৈ গিবা অসমৰ শিশুসকলক প্ৰশিক্ষণ আৰু উৎসাহ যোগাবলৈ আহিছে। এই দেশলৈ আহি তেওঁ ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছে। শিশুৰ সৈতে তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

সোণোৱালে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘অতুলনীয় দৃশ্য। কণমানি খেলুৱৈসকলে যেতিয়া সিহঁতৰ নায়কক লগ পোৱাৰ সুযোগ পালে, তেতিয়া সিহঁতক আনন্দিত হোৱা দেখা গৈছে। ব্ৰাজিলৰ ভলীবল তাৰকা গিবাই অসমৰ এখন গাঁৱত শিশুৰ সৈতে কথা পাতিলে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই অসমৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে তৃণমূল পৰ্যায়ত এক বিপ্লৱ কঢ়িয়াই আনিছে। অভিজিতে আমাৰ গাঁৱৰ পৰা দেশৰ ভবিষ্যত তাৰকা সকলক উলিয়াই লৈ আহিছে। তেওঁ ভাৰতৰ খনন নোহোৱা সোণৰ খনিত কাম কৰি আছে। এই পদক্ষেপ অসাধাৰণ। তেওঁৰ এই পদক্ষেপৰ শলাগ ল’ব লাগিব। ভৱিষ্যতৰ বাবে অভিজিতলৈ সকলোৰে শুভেচ্ছা থাকিল।’

গিবাৰ অনন্য সফলতা

২০০৪ চনৰ এথেন্স অলিম্পিকত ব্ৰাজিলৰ হৈ গিবাই সোণৰ পদক লাভ কৰিছিল। ২০০৮ চনত বেইজিং অলিম্পিক আৰু ২০১২ চনত লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰা ব্ৰাজিলৰ অন্যতম সদস্য আছিল গিবা।

তেওঁৰ আৰু বহুতো সফলতা আছিল। ২০০২, ২০০৬ আৰু ২০১০ চনত গিবাই বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰে। এই তাৰকাই ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপত সোণৰ পদক আৰু ২০১১ চনৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৭, ২০০৫ আৰু ২০০৯ চনত তেওঁ বিশ্ব গ্ৰেণ্ড চেম্পিয়নছ কাপত সোণৰ পদক লাভ কৰে।

ইয়াৰ উপৰিও বিশ্ব লীগত গিবাই ৮ বাৰ সোণ, ২ বাৰ ৰূপ আৰু ১ বাৰ ব্ৰঞ্জৰ পদক লাভ কৰে। পেন আমেৰিকান গেমছত এবাৰকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। এই কিংবদন্তিগৰাকীয়ে দক্ষিণ আমেৰিকান চেম্পিয়নশ্বিপত ৮ বাৰ সোণৰ পদক লাভ কৰে। এনে এজন খেলুৱৈ এই দেশলৈ অহাত শিশুসকল উপকৃত হ’ব।

অসমত ভলীবলৰ উন্নতিৰ বাবে পদক্ষেপ

২০২০ চনত আৰম্ভ হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগ। এই লীগখন অতি জনপ্ৰিয় হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিশুৱে এই লীগত যোগদান কৰিছে। এইবাৰ অভিজিতে গিবাৰ দৰে প্ৰখ্যাত খেলুৱৈ আনি শিশু খেলুৱৈৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

Related News