ইউক্ৰেইনত স্বেচ্ছাসেৱক চিকিৎসক হিচাপে কাম কৰি থকা ব্ৰিটিছ নাগৰিক নিহত

ইউক্ৰেইনত এজন ব্ৰিটিছ নাগৰিক নিহত হৈছে। ৪৮ বছৰীয়া ক্ৰেগ মেকিন্টোছে ইউক্ৰেইনত এগৰাকী স্বেচ্ছাসেৱক চিকিৎসক হিচাপে কাম কৰি আছিল বুলি জানিব পৰা গৈছে। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে।

মেকিন্টোছৰ ভনীয়েক লৰ্না মেকিন্টোছে জনায় যে ইউক্ৰেইনত সেৱা আগবঢাই থকাৰ সময়তে যোৱা ২৪ আগষ্টত তেওঁৰ ভায়েকৰ মৃত্যু হৈছে। তেওঁৰ মৃতদেহটো ঘূৰাই আনিবলৈ ৫ হাজাৰ পাউণ্ডতকৈও অধিক প্ৰয়োজন হয়।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

বাতৰি অনুসৰি, খাৰকিভ চহৰত ৰাছিয়াৰ সৈন্যৰ আকস্মিক আক্ৰমণত মেকিন্টোছ নিহত হয়। তেওঁৰ দুগৰাকী কন্যা আৰু দুগৰাকী পালিত কন্যা আছে। ১৬ বছৰৰ পৰা ২৩ বছৰ বয়সলৈকে তেওঁ যুক্তৰাজ্যৰ আঞ্চলিক সেনাবাহিনীত সেৱা আগবঢ়াইছিল।

আন এক বাতৰিত কোৱা হৈছে যে মেকিন্টোছে চিকিৎসা পৰীক্ষাত বিফল হোৱাৰ বাবে সেনাবাহিনীত তেওঁ পূৰ্ণকালীন চাকৰি ধৰি ৰাখিব পৰা নাছিল ।

মেকিন্টোছৰ ভগ্নী লৰ্না মেকিন্টোছে মৃতদেহটো ঘূৰাই আনিবলৈ চলোৱা এক পুঁজি সংগ্ৰহৰ পৃষ্ঠাত লিখিছে, “আমাৰ ভাতৃয়ে ইউক্ৰেইনত চিকিৎসাৰ বাবে স্বেচ্ছাই সাহসেৰে কাম কৰিছিল। তেওঁ যুদ্ধবিধ্বস্ত দেশখনত জীৱন ৰক্ষা কৰাত সহায় কৰিছিল। এই নিস্বাৰ্থ মানুহজনৰ মৃতদেহ এতিয়া ইউক্ৰেইনৰ এটা মৰ্গত পৰি আছে। তেওঁক দেশলৈ ঘুৰাই অনাত কোনো সহায় কৰা নাই। তেওঁৰ মৃতদেহটো ঘুৰাই অনাৰ বাবে ৪ হাজাৰ পাউণ্ড খৰচ হ’ব।”

লগতে পঢ়ক: মর্মান্তিক! পত্নীৰ উপবাস ভঙাত ব্যস্ত চিকিৎসক; চিকিৎসা অবিহনে মাতৃৰ কোলাতেই মৃত্যুক সাৱটিলে ৫ বছৰীয়া শিশুৱে

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰ্যালয়ে জনাইছে যে তেওঁলোকে মেকিন্টোছৰ পৰিয়ালক সহায় আগবঢ়াই আছে।