মধ্য প্ৰদেশৰ জব্বলপুৰ জিলাত চিকিৎসকৰ বিৰুদ্ধে চিকিৎসাৰ অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে।জব্বলপুৰ জিলাৰ বাসিন্দা সঞ্জয় পান্দ্ৰে আৰু তেওঁৰ পৰিয়ালে পাঁচ বছৰীয়া শিশু ঋষিক সংকটজনক অৱস্থাত চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহিছিল। কিন্তু তাত তেতিয়া কোনো চিকিৎসক বা চিকিৎসা বিষয়া উপস্থিত নাছিল।
শিশুটিৰ মাতৃয়ে কণমানি ঋষিক কোলাত লৈ চিকিৎসকৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু দীৰ্ঘ সময়ৰ পাছতো কোনো চিকিৎসক আহি পোৱা নাছিল। কোনো চিকিৎসা বিষয়াৰো দেখাদেখি নাছিল। ফলত, চিকিৎসা অবিহনেই শিশুটিয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।
লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ
এই ঘটনাটোৱে আকৌ এবাৰ ৰাজ্যখনত চিকিৎসাৰ দুৰাৱস্থা উদঙাই দেখুৱাইছে। অভিযোগ কৰা হৈছে যে শিশুটোৰ মৃত্যুৰ পাছতো কোনো চিকিৎসক বা চিকিৎসা বিষয়া তালৈ অহা নাছিল। স্থানীয় বাসিন্দা আৰু মৃত শিশুটোৰ পৰিয়াল ঘটনাটোত ক্ষুব্ধ হৈ পৰিছে।
जबलपुर के बरगी में मासूम बालक की मौत के मामले में ज़िम्मेदार कह रहे है कि डॉक्टर मौजूद थे जबकि ज़िम्मेदार कह रहे है कि वो आज लेट आये है , ज़्यादातर स्टाफ़ त्यौहार होने के कारण उपवास पर था….
यह है वास्तविकता… pic.twitter.com/NEBA8i5BOt— Narendra Saluja (@NarendraSaluja) September 1, 2022
স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত থকা চিকিৎসকজন কিয় উপস্থিত নাছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত সংশ্লিষ্ট চিকিৎসকজনে কয় যে তেওঁৰ পত্নীয়ে আগদিনা উপবাস কৰিছিল। সেয়ে উপবাস ভঙাৰ বাবে ব্যস্ত থকা চিকিৎসকজনে চিকিৎসালয়লৈ অহাত পলম কৰিছিল। এই ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে।