• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

হাজাৰ হ’লেও পিতৃ! অসুস্থ পিতৃৰ কাষলৈ পুনৰ উভটি যাব খুজিছে ব্ৰিটিছ ৰাজকুমাৰ হেৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 8:30 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজাৰ হ’লেও পিতৃ! এতিয়া ঘৰলৈ যোৱাৰ সময়! পুত্ৰৰ কৰ্তব্য পালনৰ স্বাৰ্থত আত্মনিৰ্ভৰশীলতাৰ আকাংক্ষা, ৰাজপৰিয়ালৰ ক্ষমতাৰ পৰা আঁতৰি স্বাধীনভাৱে জীয়াই থকাৰ সংকল্প বাদ দিব খুজিছে ব্ৰিটিছ ৰাজকুমাৰ হেৰীয়ে।

শুকুৰবাৰে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হেৰীয়ে আৱেগিকভাৱে নিজৰ অনুভৱ প্ৰকাশ কৰে। হেৰীৰ পিতৃ ৰজা চাৰ্লছৰ কৰ্কট ৰোগ ধৰা পৰিছে। তেওঁৰ আয়ুস কমি আহিছে। এই অনুভৱেই হেৰীৰ মন সলনি কৰিছে। ৰাজকুমাৰ হেৰীয়ে পুনৰ ৰাজ অট্টালিকালৈ ঘূৰি আহিব বিচাৰে, জীৱনৰ বাকী সময়খিনি পিতৃৰ কাষত কটাব বিচাৰে।

Apply Now

উল্লেখ্য যে ৰাজকুমাৰ হেৰীৰ পত্নী ডাচেছ মেঘান এগৰাকী সাধাৰণ মহিলা। ৰাজপৰিয়ালৰ ৰাজকীয় জীৱনৰ লগত খাপ নাখায় মেঘানৰ জীৱনশৈলী। গতিকে হেৰীয়ে নিজৰ ইচ্ছামতে বিয়া পাতি ৰাজপৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ সিদ্ধান্ত লয়। আনকি ৰজাৰ উপাধিটোও আঁতৰাব বিচাৰে। গতিকে তেওঁ লণ্ডন এৰি কেলিফৰ্ণিয়াত থাকিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে হেৰী আৰু তেওঁৰ পৰিয়ালে পৰিয়ালৰ উত্তৰাধিকাৰৰ জৰিয়তে লাভ কৰিবলগীয়া সকলো আৰ্থিক সুবিধা তেওঁ এৰি থৈ ঘৰৰ পৰা ওলাই গৈছিল। আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰে তেওঁ একাধিক ব্যৱসায় আৰম্ভ কৰিছিল। মেঘানেও তেওঁক এই ক্ষেত্ৰত লগ দিছিল। মুঠতে তেওঁলোকে কেলিফৰ্ণিয়াত নিজৰ দুই সন্তান আৰ্চি আৰু লিলিবেটৰ সৈতে এক সুন্দৰ সময় পাৰ কৰিছিল। তেওঁলোকৰ সৈতে এতিয়াও বাকিংহাম পেলেচৰ যোগাযোগ নাই। উল্লেখ্য যে হেৰী আৰু মেঘানে নিজৰ সন্তানৰ সৈতে আইতাক ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি ধৰ্মীয় নিয়ম মানি চলিছিল।

কিন্তু এতিয়া আৰু হেৰীয়ে পৰিয়ালৰ সৈতে দূৰত্ব বঢ়াব নিবিচাৰে। বিবিচিৰ সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে, “এই যুঁজখন অব্যাহত ৰাখি লাভ নাই। জীৱনটো অতি মূল্যৱান। মই নাজানো আৰু কিমান দিনলৈ মোৰ দেউতাকক দেখা পাম। তেওঁ মোৰ লগত কথাও নাপাতে। যদি আমি পুনৰ মিলিত হওঁ, তেন্তে সেয়া বৰ ভাল হ’ব। মই এনে কোনো পৰিস্থিতি দেখা নাই য’ত মই মোৰ পত্নী আৰু সন্তানৰ সৈতে ব্ৰিটেইনলৈ উভতি যাম। মোৰ পৰিয়ালে হয়তো বহু কাৰণত মোক ক্ষমা কৰিব নোৱাৰিব। কিন্তু মই বিধ্বস্ত হৈ পৰিছো! গতিকে এতিয়া মই অনুভৱ কৰোঁ যে মোৰ পৰিস্থিতিৰ বাবে দায়ীসকলৰ বাবে এইটো এটা জয়।’

পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাৰ ইচ্ছাই এতিয়া হেৰীৰ জীৱনৰ মূল কথা হৈ পৰিছে। গতিকে অসুস্থ পিতৃৰ কাষলৈ গৈ পৰিয়ালৰ মৰম আব্দাৰৰ মাজত জীৱন কটাব বিচাৰিছে হেৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd