• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজাৰ হ’লেও পিতৃ! অসুস্থ পিতৃৰ কাষলৈ পুনৰ উভটি যাব খুজিছে ব্ৰিটিছ ৰাজকুমাৰ হেৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2025 8:30 am
581
VIEWS
Share on FacebookShare on Twitter

হাজাৰ হ’লেও পিতৃ! এতিয়া ঘৰলৈ যোৱাৰ সময়! পুত্ৰৰ কৰ্তব্য পালনৰ স্বাৰ্থত আত্মনিৰ্ভৰশীলতাৰ আকাংক্ষা, ৰাজপৰিয়ালৰ ক্ষমতাৰ পৰা আঁতৰি স্বাধীনভাৱে জীয়াই থকাৰ সংকল্প বাদ দিব খুজিছে ব্ৰিটিছ ৰাজকুমাৰ হেৰীয়ে।

শুকুৰবাৰে বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হেৰীয়ে আৱেগিকভাৱে নিজৰ অনুভৱ প্ৰকাশ কৰে। হেৰীৰ পিতৃ ৰজা চাৰ্লছৰ কৰ্কট ৰোগ ধৰা পৰিছে। তেওঁৰ আয়ুস কমি আহিছে। এই অনুভৱেই হেৰীৰ মন সলনি কৰিছে। ৰাজকুমাৰ হেৰীয়ে পুনৰ ৰাজ অট্টালিকালৈ ঘূৰি আহিব বিচাৰে, জীৱনৰ বাকী সময়খিনি পিতৃৰ কাষত কটাব বিচাৰে।

উল্লেখ্য যে ৰাজকুমাৰ হেৰীৰ পত্নী ডাচেছ মেঘান এগৰাকী সাধাৰণ মহিলা। ৰাজপৰিয়ালৰ ৰাজকীয় জীৱনৰ লগত খাপ নাখায় মেঘানৰ জীৱনশৈলী। গতিকে হেৰীয়ে নিজৰ ইচ্ছামতে বিয়া পাতি ৰাজপৰিয়ালৰ পৰা বিচ্ছিন্ন হোৱাৰ সিদ্ধান্ত লয়। আনকি ৰজাৰ উপাধিটোও আঁতৰাব বিচাৰে। গতিকে তেওঁ লণ্ডন এৰি কেলিফৰ্ণিয়াত থাকিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে হেৰী আৰু তেওঁৰ পৰিয়ালে পৰিয়ালৰ উত্তৰাধিকাৰৰ জৰিয়তে লাভ কৰিবলগীয়া সকলো আৰ্থিক সুবিধা তেওঁ এৰি থৈ ঘৰৰ পৰা ওলাই গৈছিল। আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যৰে তেওঁ একাধিক ব্যৱসায় আৰম্ভ কৰিছিল। মেঘানেও তেওঁক এই ক্ষেত্ৰত লগ দিছিল। মুঠতে তেওঁলোকে কেলিফৰ্ণিয়াত নিজৰ দুই সন্তান আৰ্চি আৰু লিলিবেটৰ সৈতে এক সুন্দৰ সময় পাৰ কৰিছিল। তেওঁলোকৰ সৈতে এতিয়াও বাকিংহাম পেলেচৰ যোগাযোগ নাই। উল্লেখ্য যে হেৰী আৰু মেঘানে নিজৰ সন্তানৰ সৈতে আইতাক ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি ধৰ্মীয় নিয়ম মানি চলিছিল।

কিন্তু এতিয়া আৰু হেৰীয়ে পৰিয়ালৰ সৈতে দূৰত্ব বঢ়াব নিবিচাৰে। বিবিচিৰ সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে, “এই যুঁজখন অব্যাহত ৰাখি লাভ নাই। জীৱনটো অতি মূল্যৱান। মই নাজানো আৰু কিমান দিনলৈ মোৰ দেউতাকক দেখা পাম। তেওঁ মোৰ লগত কথাও নাপাতে। যদি আমি পুনৰ মিলিত হওঁ, তেন্তে সেয়া বৰ ভাল হ’ব। মই এনে কোনো পৰিস্থিতি দেখা নাই য’ত মই মোৰ পত্নী আৰু সন্তানৰ সৈতে ব্ৰিটেইনলৈ উভতি যাম। মোৰ পৰিয়ালে হয়তো বহু কাৰণত মোক ক্ষমা কৰিব নোৱাৰিব। কিন্তু মই বিধ্বস্ত হৈ পৰিছো! গতিকে এতিয়া মই অনুভৱ কৰোঁ যে মোৰ পৰিস্থিতিৰ বাবে দায়ীসকলৰ বাবে এইটো এটা জয়।’

পৰিয়ালৰ সৈতে পুনৰ মিলিত হোৱাৰ ইচ্ছাই এতিয়া হেৰীৰ জীৱনৰ মূল কথা হৈ পৰিছে। গতিকে অসুস্থ পিতৃৰ কাষলৈ গৈ পৰিয়ালৰ মৰম আব্দাৰৰ মাজত জীৱন কটাব বিচাৰিছে হেৰীয়ে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd