NORTHEAST NOW (Assamese)

পাঠশালাত দিনদুপৰতে চোৰৰ অভিযান; সোণসহ লুটি নিলে বৃহৎ পৰিমাণৰ ধন

October 10, 2018 6:01 pm · শশাংক তালুকদাৰ
Updated: October 10, 2018 6:42 pm

আজি দিনদুপৰতে বৰপেটা জিলাৰ পাঠশালা নগৰত সংঘটিত এক চুৰিকাৰ্যৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে, পাঠলাশা নগৰৰ ৩ নং ৱাৰ্ড ৰমেশ নগৰৰ এঘৰ লোকৰ পৰা আজি চোৰে বৃহৎ পৰিমাণৰ ধনৰ লগতে সোণৰ আ-অলংকাৰ আৰু মূল্যবান সাজ-পোচাক লুটি নিয়ে।

ঘটনাৰ বিৱৰণি অনুসৰি এছ ডি অ’ কাৰ্যালয়ৰ কৰ্মচাৰী চিত্ৰ বৰুৱা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ আজি দিনৰ প্ৰায় ১১:৩০ পৰা ১ বজাৰ ভিতৰত চোৰে এই অভিযান চলায়।

পিছত এই কথা গম পাই তেওঁলোকে পাঠশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে পিছফালৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা চোৰে তেওঁলোকৰ ঘৰৰ পৰা নগদ ৩৪,০০০ টকা, প্ৰায় ৭ তোলাৰ সোণৰ আ-অলংকাৰ, মূল্যবান সাজ-পোচাক তথা এখন এ টি এম কাৰ্ডৰ লগতে অন্যান্য কেইবাবিধ সামগ্ৰী লুটি নিয়ে।

Related News