বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰিলে বিটিচিৰ উপ প্ৰধান খাম্ফা বৰগয়াৰীয়ে৷ আয়তীৰ নাম প্ৰসংগ, বিহু দল, বড়ো বিহু দল আদিৰ লগতে স্থানীয় বিভিন্ন দল সংগঠন, আৰু ৰাইজৰ উপস্থিতিত ৰাষ্ট্ৰীয়খন ফিটা কাটি পৰ্যটকৰ বাবে মুকলি কৰে খাম্ফা বৰগয়াৰীয়ে৷
উল্লেখ্য যে বিহু, বড়ো বিহু দল আদি বিভিন্ন সাংস্কৃতিক দলৰ লগতে হাতী আদিৰ সমদলটোৰ দৈৰ্ঘ হৈছিল প্ৰায় ১ কিলোমিটাৰ৷ বিভিন্ন দেশী বিদেশী পৰ্যটকৰ উপস্থিতিত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ মুকলি অনুষ্ঠানত খাম্ফা বৰগয়াৰীয়ে পূৰ্বতকৈ এই বেলি দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি হব বুলিও আশা প্ৰকাশ কৰে৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আম্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰে বিটিচিৰ উপ প্ৰধানগৰাকীয়ে৷ লগতে উদ্যানখনৰ ভূমিত হোৱা বেদখল উচ্ছেদৰ বাবে উদ্যান কতৃপক্ষক কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷
বিগত বছৰটোত উদ্যানখনলৈ ৪৮০ গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছিল৷ ইয়াৰ সমান্তৰালভাৱে প্ৰায় ৫ হাজাৰ দেশীয় পৰ্যটকে মানাহ লৈ আহিছিল৷ পৰ্যটকৰ বাবে হাতী চাফাৰী, জীপ চাফাৰীৰ বিশেষ ব্যৱস্থা আছে উদ্যানখনত৷ পৰ্যটকৰ বাবে প্ৰায় পোন্ধৰটা হাতী চাফাৰীৰ ব্যৱস্থা আছে৷
উদ্যানখনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে বিটিচিৰ এমচিএলএ গৌতম দাস, বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন, মানাহৰ প্ৰকল্প সঞ্চালক হিৰণ্য শৰ্মা, বিটিচিৰ পৰ্যটন সচিব ৰবিনচন মুছাহাৰীকে আদি বহু কেইগৰাকী বিষয়া উপস্থিত থাকে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিন ৱেটচ্, হলেণ্ডৰ জেকব আদিকে ধৰি প্ৰায় ছগৰাকী পৰ্যটক ইতিমধ্যে মানাহত আহি উপস্থিত হৈছে৷