বিজেপি শাসতি ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডি য়ুৰাপ্পাই অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য হ’ল। আজি বিয়লি য়ুৰাপ্পাই তেওঁৰ পদত্যাগ পত্ৰ কৰ্ণাটকৰ ৰাজ্যপালৰ হাতত অৰ্পন কৰে।
২০১৯ চনৰ ২৬ জুলাইত ৰাজনৈতিক অস্থিৰতাৰ অৱসান ঘটাই য়েডি য়ুৰাপ্পাক মুখ্যমন্ত্ৰী হিচাবেলৈ বিজেপিৰ চৰকাৰ গঠন হৈছিল। কিন্তু দুবছৰ পিছতে মুখ্যমন্ত্ৰী য়েডি য়ুৰাপ্পাই পদত্যাগ কৰিবলৈ বাধ্য হ’ল।
আজি পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বে য়ুৰাপ্পাই কয় যে জীৱনত তেওঁ বহু অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছে। এয়াও তেওঁৰ বাবে আন এক অগ্নিপৰীক্ষা।
দলৰ শীৰ্ষ নেতৃত্বই তেওঁক যি দায়িত্বই দিয়ে সেয়া সুচাৰু ৰূপে পালন কৰি যাব বুলিও য়ুৰাপ্পাই প্ৰকাশ কৰে। উল্লেখ্য মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হোৱাৰ পিছৰে পৰাই য়ুৰাপ্পাই ধৰ্ম নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি আহিছিল।
তবলীগী জামাতৰ বাবেই ক’ৰ’ণা ভাইৰাছ দেশত বিয়পি পৰা বুলি বিজেপিৰে বহুতে হৈ-চৈ লগোৱাৰ সময়ত বিষয়টোকলৈ সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ য়ুৰাপ্পাই সকিয়াই দিছিল।
ফলত বিজেপিৰ বহু শীৰ্ষ নেতাৰ অপ্ৰিয় হৈ পৰিছিল য়ুৰাপ্পা। ধৰ্ম নিৰপেক্ষ স্থিতি গ্ৰহণ কৰাৰ বাবেই য়ুৰাপ্পাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা বুলি বিভিন্ন মহলত এতিয়া আলোচনা হৈছে।
কৰ্ণাটকত পশুধন সুৰক্ষা বিধেয়ক,২০২০ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো য়েডি য়ুৰাপ্পাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। ফলত ৰাজ্য খনত গো-হত্যা বন্ধ হৈ পৰা নাছিল।
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চিটি ৰবিয়ে উত্তৰ প্ৰদেশৰ দৰেই কৰ্ণাটকতো লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ কৈছিল যদিও য়েডি য়ুৰাপ্পাই সেই পৰামৰ্শ মানি লোৱা নাছিল।
জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰো বিৰোধিতা কৰিছিল য়েডি য়ুৰাপ্পাই।এনেবোৰ কাৰণতে হয়তো য়েডি য়ুৰাপ্পাই হেৰুৱালগীয়া হ’ল মুখ্যমন্ত্ৰীৰ চকী খন।