সীমান্ত নিৰাপত্তা বাহিনীৰ অভিযানত চোৰাং গৰুসহ এজন বাংলাদেশীক আটক

as cow

কোচবিহাৰ জিলা মেখলিগঞ্জ থানাৰ অন্তৰ্গত খাছবছ-২০২ দ্বাৰীকামাৰী গাঁও অঞ্চলত নিশা অভিযান চলাই চোৰাং গৰুসহ এজন বাংলাদেশী গ্ৰেপ্তাৰ কৰে|

গোপন খবৰৰ আধাৰত, ১৪০ নং বেটেলিয়নত নিয়োজিত বি এছ এফৰ জোৱানে যোৱা নিশা কোচবিহাৰৰ জিলাৰ মেখলিগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত খাছবছ-202 (দ্বাৰীকামাৰী গাওঁ অঞ্চলত অভিযান চলাই চোৰাং গৰুসহ এজন বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰা হৈছে |

আটক কৰা চোৰাং গৰু সৰবৰাহকাৰী জন হল-লালমুনিৰহাট জিলা পাটগ্ৰাম থানাৰ অন্তৰ্গত আজীজপুৰ গাওঁৰ নিবাসী জাহাংগীৰ আলম(২২), পিতা মকছুদ আলি (বাংলাদেশ)বুলি জনা গৈছে |

চোৰাং গৰুসহ গ্ৰেপ্তাৰ চোৰাং গৰু সৰবৰাহকাৰীজনক মেখলিগঞ্জ থানাত চমজাই দিয়া হৈছে |ইয়াৰোপৰি সীমান্ত নিৰাপত্তা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তত বিভিন্ন অভিযান চলাই ৩৪ টা চোৰাং গৰু উদ্ধাৰ কৰে |