NORTHEAST NOW (Assamese)

মেঘালয়ৰ সীমান্ত অঞ্চলৰ পৰা বি এছ এফে জব্দ কৰিলে এখন গাড়ীসহ ৯টা চোৰাং গৰু

December 18, 2018 12:34 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আৰক্ষী তথা সীমান্তত নিয়োজিত হৈ থকা সুৰক্ষা বাহিনীক চকুত ধূলি দি অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ মাজেদি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি লৈ যোৱা তথ্য পুনৰ পোহৰলৈ আহিছে। ১৭ ডিচেম্বৰত মেঘালয়ৰ বি এছ এফ কৰ্মীৰ তৎপৰতাত চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ৯টা গৰু জব্দ কৰা কাৰ্যই এতিয়াও যে চোৰাং সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে তাকেই প্ৰমাণ কৰে।

উল্লেখ্য যে মেঘালয়ৰ ভাৰত-বাংলা সীমান্তৰ দক্ষিণ গাৰো হিলছৰ বাঘমাৰাত কৰ্তব্যৰত অৱস্থাত থকা বি এছ এফ বাহিনীয়ে এখন মেঘালয়ৰে পঞ্জীয়নকৃত এম এল ১৩-৯৭৮৬ নম্বৰৰ বলেৰ’ পিক আপ ভান গাড়ীসহ ৯টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় ডেৰলাখ টকাৰো অধিক হ’ব বুলি বি এছ এফে জনায়।

আনহাতে গৰু কেইটা এক দুষ্ট চক্ৰই সীমান্তৰ সিপাৰলৈ প্ৰেৰণ কৰিবলৈ অনা হৈছিল বুলি বি এছ এফে ধাৰণা কৰিছে। তদুপৰি সৰবৰাহকাৰী দলে গৰুকেইটা ফেন্সিং নথকা অঞ্চলেৰে সিপাৰলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছিল।

উল্লেখ্য যে দুই-এবছৰৰ ভিতৰত সৰবৰাহকাৰী সকলে সীমান্ত ব্যৱহাৰ কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীকে ধৰি গৰু আদি বাংলাদেশলৈ চালান দি অহা কাৰ্যই স্বাভাৱিকতে চৰকাৰ তথা সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত প্ৰশ্নৰ উদয় হয়।

Related News