পেহেলগামত উগ্ৰপন্থী আক্ৰমণত ২৬ জন পৰ্যটক নিহত হোৱাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৰ্বকালৰ সৰ্বোচ্চ স্তৰত আছে। নতুন দিল্লীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰি ইছলামবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে পাঠানকোটত পাকিস্তানী সৈন্যই গ্ৰেপ্তাৰ কৰিছে এজন বি এছ এফৰ জোৱানক । জানিব পৰা মতে, তেওঁৰ ঘৰ পশ্চিমবংগত।
বংগৰ ঋষৰাৰ বাসিন্দা পূৰ্ণম কুমাৰ বি এছ এফৰ জোৱান। পঞ্জাৱৰ পাঠানকোটত থকা বি এছ এফৰ ২৪ নং বেটেলিয়নত কৰ্মৰত পূৰ্ণম। পাঠানকোটৰ এটা অংশ ভাৰতত আৰু আনটো অংশ পাকিস্তানত। তেওঁক পাঠানকোটৰ ফিৰোজগঞ্জ সীমান্তত সীমান্তৰ ৰক্ষকৰ দায়িত্বত নিয়োগ কৰা হৈছিল। কৰ্তব্যৰ সময়ত তেওঁ ভুলবশত পাকিস্তানত প্ৰৱেশ কৰিছিল।
আজি তেওঁৰ পত্নী ৰজনী ছাউৱে জনোৱা মতে, যোৱা নিশা তেওঁৰ স্বামীৰ সৈতে কথা পাতিছিল। কিন্তু আজি স্বামীৰ সহকৰ্মীয়ে ফোন কৰি ক’লে যে পূৰ্ণমক পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰিছে।
ৰজনীয়ে লগতে কয় যে কালি সীমান্তত পহৰা দি থাকোঁতে পূৰ্ণমৰ অসুস্থ অনুভৱ হৈছিল। গতিকে এজোপা গছৰ ছাঁত অলপ সময় বহিছিল। সেই অঞ্চলত ভাৰত-পাকিস্তান সীমান্তৰ কাঁইটীয়া তাঁৰ নাই। গছৰ ছাঁত টোপনি গৈছিল তেওঁ। তাৰ পাছত চকু মেলি দেখিলে যে তেওঁক পাকিস্তানী সৈন্যই ঘেৰি ধৰিছে। তাৰপিছত পাকিস্তানী সেনাই তেওঁক গ্ৰেপ্তাৰ কৰি লৈ যায়।
এই ঘটনাৰ খবৰ পাই পৰিয়ালটো ভাঙি পৰিছে। মাতৃ জয়ন্তী সৌ আৰু পিতৃ ভোলানাথ সৌৱে পুত্ৰক লৈ অনিশ্চয়তা আৰু ভয়ত হাহাকাৰ কৰিছে।
পূৰ্ণমৰ পিতৃয়ে কয় যে, “আমি বিচাৰো চৰকাৰে পাকিস্তানৰ সৈতে কথা পাতক। মোৰ ল‘ৰাটো নিৰ্দোষী। সীমান্তত পহৰা দি নিজৰ দেশৰ কাম কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে। আমি বিচাৰো যে তেওঁ ঘৰলৈ উভতি আাহক।’’