NORTHEAST NOW (Assamese)

BSNL গ্ৰাহকৰ বাবে ভাল খৱৰ! আগবঢ়োৱা হৈছে ৪,৯৯৯টকাৰ উপহাৰ; কেনেকৈ পাব চাওক

August 8, 2021 12:57 pm · এন ই নাও নিউজ

বিএছএনএলৰ গ্ৰাহকৰ বাবে ৪,৯৯৯টকাৰ উপহাৰ লাভ কৰাৰ ডাঙৰ সুযোগ আহিছে।

বিএছএনএলৰ বিশটা চাৰ্ক’লৰ পোষ্টপেইড, লেণ্ডলাইন, ব্ৰডবেণ্ড, ভাৰত ফাইবাৰ (এপটিটিএইচ) আৰু এয়াৰফাইবাৰ ব্যৱহাৰকাৰীসকলে এই উপহাৰ লাভ কৰিব পাৰে।

গ্ৰাহকসকলক বিএছএনএলে Google Nest Miniস্মাৰ্ট ডিভাইচ আগবঢাইছে। বজাৰত এই ডিভাইচৰ মূল্য হৈছে ৪,৯৯৯টকা।

যিসকল বিএছএনএলৰ গ্ৰাহকে অনলাইনত বিল জমা দিব তেওঁলোকৰ বাবে Google Nest Miniস্মাৰ্ট ডিভাইচ লাভ কৰাৰ সুযোগ আছে।

লাকী ড্ৰ’ৰ জৰিয়তে ১০জন বিজয়ীক বাচি লৈ তেওঁলোকক Google Nest Miniস্মাৰ্ট ডিভাইচ দিয়া হ’ব।

দৰাচলতে, কেই সপ্তাহমান পূৰ্বেই বিএছএনএলে ব্ৰডবেণ্ড গ্ৰাহকসকলে অনলাইনত বিল জমা দিয়াৰ পৰ্টেল আৰম্ভ কৰিছে। অনলাইন বিল জমা দিয়াৰ বাবে গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি কৰিবলৈকে আগবঢ়োৱা হৈছে এনে বিশেষ অফাৰ।

উল্লেখ্য যে কেবল মাত্ৰ আগষ্ট মাহলৈকেহে এই অফাৰ থাকিব। Google Nest Miniস্মাৰ্ট ডিভাইচ উপহাৰ লাভ কৰিবৰ বাবে গ্ৰাহকসকলে আগতীয়াকৈ বিল জমা দিব লাগিব। বিল জমা দিয়াৰ নিৰ্দিষ্ট তাৰিখৰ পাছত জমা দিয়া গ্ৰাহকৰ বাবে এই অফাৰ নাথাকিব।

ট্ৰাইৰ প্ৰতিবেদন অনুসৰি, যোৱা কেইমাহত বিএছএনএলৰ বজাৰ দ্ৰুতভাৱে বৃদ্ধি পাইছে। কোম্পানীটোৰ লেণ্ডলাইন আৰু ব্ৰডবেণ্ড কানেকশ্যন যোৱা মে’ মাহত ৩৫.৪৩শতাংশ বৃদ্ধি পাইছে।

যোৱা মে’ মাহত মুঠ ১১,২৯,০৮০ গৰাকী নতুন গ্ৰাহকে বিএছএনএলৰ ফাইবাৰ কানেকশ্যন লৈছে। আনহাতে, ৰিলায়েন্স জিঅ’ৰ কানেকশ্যন লৈছে ১,৭৭,৯৫৯গৰাকীয়ে। এইক্ষেত্ৰত ৰিলায়েন্সতকৈ বহু আগবাঢ়ি আছে বিএছএনএল।

Related News