• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্ভট! কোভিডকালীন পৰিস্থিতিতো মাচুল বৃদ্ধিৰে শিক্ষাৰ্থীৰ ওপৰত মাধমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2021 11:58 am
WhatsApp Image 2021-08-08 at 11.33.34 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড অতিমাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত আৰু জনগণৰ স্বাভাৱিক জীৱনযাত্ৰা প্ৰায় স্তব্ধ কৰি তোলাৰ সময়তে হঠকাৰিতাৰে মাচুল বৃদ্ধি কৰিছে অসমৰ এখন ৰাজহুৱা কেন্দ্ৰীয় উচ্চ শিক্ষানুষ্ঠানে।

শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত মাধমাৰ শোধাই অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিছে শিক্ষাৰ্থীৰ বিভিন্ন শিতানৰ মাচুলৰ পৰিমাণ।

Apply Now

দেশৰ কোভিডকালীন অৰ্থনৈতিক মন্দাৱস্থা আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে UGC য়ে শিক্ষাৰ্থীক সকাহ দিবলৈ দিয়া আহ্বানকো বৃ্দ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি উচ্চ শিক্ষানুষ্ঠানখনে শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ মূৰৰ ওপৰত ৰাম টাঙোন শোধোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে কোভিডকালীন পৰিস্থিতিত জুৰুলা হোৱাৰ বাবে ২০২০ বৰ্ষত UGC য়ে শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে মাচুল সংগ্ৰহত সকাহ দিবলৈ উচ্চ শিক্ষানুষ্ঠানসমূহক আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু UGCৰ এই পত্ৰৰ প্ৰতি সঁহাৰি জনোৱাৰ পৰিৱৰ্তে বৰং মাচুল বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীসকলক মাত্ৰ দুদিনৰ ভিতৰতে নামভৰ্তিৰ মাচুল আদায় দিবলৈ নিৰ্দেশ দিয়ে শিক্ষানুষ্ঠানখনে।

কোভিডকালীন পৰিস্থিতিত উচ্চ শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই জাৰি কৰা এই হঠকাৰী নিৰ্দেশ লাভ কৰি এতিয়া থৰকাছুটি হেৰুৱাইছে শিক্ষাৰ্থীসকলে।

এই জাননী লাভ কৰাৰ পিছতে শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

দয়া মমতাহীন কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ বিভিন্ন বিভাগৰ গ্ৰীষ্মকালীন ছেমিষ্টাৰ নামভৰ্তিৰ মাচুল পূৰ্বৰ মাচুলতকৈ ১২০০ৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত উপলব্ধ তথ্যৰ মতে বিভাগ অনুসৰি বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই PHDৰ শিক্ষাৰ্থীৰ ১৩৫০ টকা, Integrated MScৰ ২০০০ টকা, Integrated M.comৰ ১২০০ টকা, MA আৰু M.comৰ মাচুল ১৫০০ টকাকৈ বৃদ্ধি কৰিছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ লাইবেৰী, চিকিৎসা, লেবৰটৰী, আন্তঃগাঁথনি, বিদ্যুৎ, উন্নয়ন পুঁজি আদি সকলো মাচুলৰে পৰিমাণ বৃদ্ধি কৰিছে।

আনহাতে, কোভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষৰ পৰা শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ হোষ্টেল, লেবৰেটৰী, বিদ্যুৎ, চিকিৎসা সেৱা আদিৰ সুবিধা ব্যৱহাৰ কৰি অহা নাই। কিন্তু ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়খনে উক্ত শিতানসমূহত মাচুল ৰেহাই দিয়াৰ পৰিৱৰ্তে বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে।

ইফালে অতি হঠকাৰিতাৰে যোৱা ৩০ জুলাইত জাননী জাৰি কৰি মাত্ৰ দুদিনৰ ভিতৰত অৰ্থাৎ ২ৰ পৰা ৪ আগষ্টৰ ভিতৰত  শিক্ষাৰ্থীসকলক নামভৰ্তিৰ মাচুল অনলাইনযোগে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল।

জানিব পৰা মতে বিশ্বিবিদ্যালয়খনৰ ১৫০ৰো অধিক গৱেষক শিক্ষাৰ্থীয়ে মাচুল বৃদ্ধিৰ বাবে নামভৰ্তি কৰিবলৈ সক্ষম হোৱা নাই।

শিক্ষানুষ্ঠানখনৰ ছাত্ৰ পৰিষদে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এই সম্পৰ্কে আলোচনাত মিলিত হ’লেও কৰ্তৃপক্ষই কৌশলী পন্থা অৱলম্বন কৰা বুলিহে জানিব পৰা গৈছে।

ইফালে বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে PhD গৱেষক শিক্ষাৰ্থীসকলে মাহে মাহে পাবলগীয়া Institutional Fellowship নিয়মীয়াকৈ প্ৰদান নকৰাৰো গুৰুতৰ অভিযোগ কৰিছে গৱেষক শিক্ষাৰ্থীসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd