• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিএডিত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে জগৰীয়া হ’ব বিটিচি প্ৰশাসন, জনজাতীয় মঞ্চ

সংবাদমেলত নৱগঠিত গণ সুৰক্ষা পাৰ্টিৰ মুখ্য উপদেষ্টা, অবড়ো আন্দোলনৰ নেতা ব্ৰজেন মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2019 9:04 pm
BTC, BTAD News: Gana Suraksha Party advisor Brajen Mahanta press meet

মঙলবাৰে সংবাদমেলত গণ সুৰক্ষা পাৰ্টিৰ নেতৃত্ব। ছবি-- কল্পজ্যোতি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই শেহতীয়াকৈ গঠন কৰা গণ সুৰক্ষা পাৰ্টিয়ে মঙলবাৰে কৈছে যে বিটিএডিত সাম্প্ৰদায়িক সংঘৰ্ষ হ’লে তাৰ বাবে বিটিচি প্ৰশাসন আৰু জনজাতীয় সংগঠন জগৰীয়া হ’ব।

দলটোৰ মুখ্য উপদেষ্টা, অবড়ো সুৰক্ষা আন্দোলনৰ নেতা ব্ৰজেন মহন্তই কয় যে মহিলাৰ ওপৰত আক্ৰমণকে ধৰি অঞ্চলটোত শেহতীয়াকৈ ধাৰাবাহিকভাৱে সংঘটিত ঘটনাৰ বাবে শাসক বিপিএফ আৰু জনজাতীয় মঞ্চই অবড়ো তথা সাংসদ নৱ শৰণীয়ালৈ আঙুলি তুলি অনা অভিযোগে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিলে তাৰ বাবে বিটিচি প্ৰশাসন আৰু অভিযোগকাৰী পক্ষকেইটা জগৰীয়া হ’ব।

Apply Now

“মিছা আৰু ভিত্তিহীন অভিযোগ কেতিয়াও নানিব। এনে অভিযোগৰ ফলত বিটিএডিত সংঘটিত হ’বলগীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে জগৰীয়া হ’ব বিটিচি প্ৰশাসন আৰু জনজাতীয় সংগঠন,” গুৱাহাটীতৰ দিচপুৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত ব্ৰজেন মহন্তই কয়।

তেওঁৰ মতে “আগন্তুক দিনত বিপিএফৰ পৰাজয় নিশ্চিত হোৱা বাবেই বিটিএডি অঞ্চলত অশান্তি সৃষ্টি কৰাৰ বাবে কেতবোৰ ঘটনা সংঘটিত কৰিছে। বিটিএডি এলেকাত স্প্ৰে’-মেন, সোপাধৰাৰ নামত আতংকৰ সৃষ্টি হৈছে। মহিলাসকলৰ ওপৰত স্প্ৰে’ মাৰি অপহৰণ কৰা হৈছে।”

“নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত এক দুষ্ট চক্ৰই শাসক গোষ্ঠীৰ সহায়ত কেতবোৰ ঘটনা সংঘটিত কৰি আহিছে” মহন্তই এই গুৰুতৰ অভিযোগ তুলি লগতে কয় “হাগ্ৰামাৰ ১৫ বছৰীয়া অপ-শাসনৰ বাবে বিটিএডিৰ সকলো ৰাইজ মোহভংগ হৈছে। হাগ্ৰামাৰ এই অপ-শাসনৰ পতন নিশ্চিত সেই কথা সমাগত বিটিএডি নিৰ্বাচনে পৰিস্কাৰ কৰিব।”

তেওঁ আৰু কয় “ন্যস্ত স্বাৰ্থজনিত এটা চক্ৰই ৰাজনৈতিক উদ্দেশ্যত এই ঘটনাবোৰ সংঘটিত কৰিছে বুলি অনুমান হৈছে।”

ইপিনে, বিটিএডিৰ চিৰাং, কোকৰাঝাৰ জিলাৰ কেইবাটাও অঞ্চলত মহিলাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সৈতে বিপিএফে গণ সুৰক্ষা পাৰ্টীক জগৰীয়া কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মহন্তই কয় “আনকি জনজাতীয় সুৰক্ষা মঞ্চ নামৰ এটা জনজাতীয় সংগঠনে নৱ শৰণীয়াক এই স্প্ৰে’ মেন, অপহৰণৰ ঘটনাৰ সৈতে জৰিত থকা বুলি গুৰুতৰ অভিযোগ আনিছে।”

“শৰণীয়াৰ বিৰুদ্ধে অনা এই অভিযোগ অৰ্থহীন আৰু ই এটা গোকাট মিছা কথা,” মফন্তই কয়।

আনহাতে, জনজাতীয় সুৰক্ষা মঞ্চই “কেৱল বড়ো মহিলা সকলৰ ওপৰত এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱা” বুলি আশংকা প্ৰকাশ কৰাৰ সন্দৰ্ভত মহন্তই কয় “একমাত্ৰ বড়ো মহিলা নহয়, অবড়ো মহিলাৰ ওপৰতো এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। কোকৰাঝাৰৰ প্ৰমীলা বৰ্মন নামৰ এগৰাকী কোচ-ৰাজবংশী মহিলাক সৌ সিদিনা মাৰধৰ কৰিছিল কৰিছিল। যোৱা ১০ চেপ্তেম্বৰৰ দিনা গধূলি ৭:৩০ মান বজাত তেওঁৰ ওপৰত আক্ৰমণ কৰিছিল।”

ইপিনে, জনজাতীয় মহিলাৰ ওপৰত এনেধৰণৰ আক্ৰমণ হোৱাৰ পাছতো “জনজাতীয়” বিটিচি প্ৰশাসনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মহন্তই প্ৰশ্ন উত্থাপন কৰে।

“জনজাতীয় দলে চৰকাৰ চলাই আহিছে, কিন্তু তাতে জনজাতীয় মহিলাৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিটিচি প্ৰশাসনৰ দুৰ্বলতা সম্পৰ্কে তেওঁলোকে কিয় এবাৰো কোৱা নাই?”

যোৱা ১৫ বছৰে হাগ্ৰামা মুহিলাৰীয়ে বৃহৎ পৰিমাণৰ দুৰ্নীতি কৰা বুলি মহন্তই একেখন সংবাদমেলতে অভিযোগ তোলাৰ লগতে “পাহাৰসম” দুৰ্নীতি কৰা বুলিও তেওঁ কয়।

“পাহাৰসম দুৰ্নীতিৰ আশ্ৰয় লৈছে হাগ্ৰামা প্ৰশাসনে। কেন্দ্ৰৰ পৰা অহা কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰি ধনবল-বাহুবলেৰে নিৰ্বাচনৰ সময়ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰিছে।”

তদুপৰি, বিপিএল কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰা ১ টকীয়া চাউল বিতৰণতো কেলেংকাৰি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় “সুলভ মূল্যৰ বিক্ৰেতাসকলে পাবলগীয়া ১.৮০ টকা ধন বিটিচি চৰকাৰে ১৮ মাহ ধৰি মোকলাই দিয়া নাই। এই কমিছনৰ ধন নোপোৱাৰ বাবে ইতিমধ্যে সুলভ মূল্য দোকানী সংস্থাই ঘোষণা কৰিছে অক্টোবৰ মাহৰ পাছৰে পৰা তেওঁলোকে এই চাউল বিতৰণ নকৰে।”

তেওঁ আৰু কয় “বিপিএফ চৰকাৰৰ বঞ্চনা আৰু প্ৰ’ বঞ্চনাৰ এয়া চূড়ান্ত উদাহৰণ। মানুহৰ মুখৰ ভাতো আত্মসাৎ কৰিব গৈ আছে হাগ্ৰামা বাহিনীয়ে।”

“পৰাজয়ৰ কথা নিশ্চিত বুলি জানিয়েই হাগ্ৰামা মহিলাৰীয়ে এই সকলোবোৰ কৰিছে। বিটিএডিৰ জনসাধাৰণে বিপিএফক উৎখাত কৰিব। এইবাৰ হিটলাৰী শাসনৰ অৱসান হ’ব,” মহন্তই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd