অযোধ্যা বিবাদৰ ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমস্যা সমাধান কৰিব লাগে :  হাগ্ৰামা মহিলাৰী

পৃথক ৰাজ্যৰ দাবী বাদ নিদিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো দল, সংগঠনৰ সৈতে কথা নাপাতে

Hagrama

হাগ্ৰামা মহিলাৰী

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বি পি এফ দলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত যি আলোচনাত মিলিত হৈছে,  তাত বি পি এফ দলে বিশেষ একো মন্তব্য কৰা নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন  তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক  দলৰ মুৰব্বী সকলক সন্মান প্ৰদৰ্শন কৰি আলোচনালৈ মাতি নি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাক লৈ যি মত বিনিময় কৰিছে,  এই মত বিনিময় অনুষ্ঠানত বি পি এফক তৰফৰ  পৰা যিদৰে  অযোধ্যাৰ  ৰাম মন্দিৰ আৰু বাবৰী মছজিদৰ সমস্যা সমাধান কৰা হৈছে ঠিক সেইদৰেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ  সমস্যাও সমাধান কৰিব লাগে’’ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়।

আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৪ কোটি ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩০ খন বিচনাযুক্ত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনৰ শুভ উদ্বোধন  কৰাৰ পাছত  চিকিৎসালয় চৌহদত অনুষ্ঠিত  এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে  এইদৰে মন্ত্যৱ কৰে।

৩ ডিচেম্বৰ শনিবাৰে দিনৰ ১১-৩০ বজাত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় চৌহদত স্বাস্থ্য বিভাগৰ যুটীয়া সচিব দীনেশ বড়োয়ে সঞ্চালনা কৰা বিশাল ৰাজহুৱা সভাত ৰাইজক সম্বোধি বিটিচি প্ৰধান  হাগ্ৰামা মহিলাৰীয়ে  কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনডিএফবি প্ৰগতিশীল গোটৰ লগত আলোচনাৰ প্ৰক্ৰিয়াত মিলিত হৈছে আৰু চুক্তি সম্পন্ন হবলৈ গৈ আছে।

‘‘পৃথক বড়ো ৰাজ্যৰ দাবী বাদ দিয়া বাবেই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনডিএফবি প্ৰগতিশীলৰ ধীৰেন বড়ো গোটৰ লগত আলোচনাত মিলিত হৈছে আৰু অচিৰেই চুক্তিও সম্পন্ন হব,’’হাগ্ৰামাই লগতে কয়।

ইতিমধ্যে, এনডিএফবিৰ জংঘলত থকা বি বিদাই নেতৃত্বাধীন আৰু অন্য গোটকো  আলোচনাৰ মেজলৈ অনাৰ প্ৰচেষ্টা হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনুমতি বিচাৰি থকা হৈছে যাতে বিটিএডি তথা ৰাজ্যত স্থায়ী শান্তি প্ৰতিষ্ঠা হয় বুলিও হাগ্ৰামাই সভাত কয়।

আনহাতে, নিখিল বড়ো ছাত্র সন্থা  আৰু এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোটক কটাক্ষ কৰি ৰাজহুৱা সভাখনত হাগ্ৰামা মহিলাৰীয়ে কয় যে, নিখিল বড়ো ছাত্র সন্থা  আৰু গোবিন্দ বসুমতাৰী গোটে দিল্লীত গৈ পৃথক ৰাজ্য নালাগে বুলি কৈ আলোচনাৰ পোষকতা কৰে।  কিন্ত অসমলৈ ঘূৰি আহি ডিভাইড আচাম ফিফটি ফিফটি শ্লোগান দি পৃথক বড়ো ৰাজ্যৰ দাবীত আন্দোলন কৰে।

পৃথক ৰাজ্যৰ দাবী বাদ নিদিলে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কোনো কাৰণতে কোনো দল সংগঠনৰ লগত আলোচনা নকৰে বুলি হাগ্ৰামা মহিলাৰীয়ে আজিৰ এই ৰাজহুৱা সভাত স্পষ্ট ভাবে মন্তব্য কৰে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় উদ্বোধনৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত আদৰণি ভাষণ ৰাখি তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিটিচিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যতকৈ বিভিন্ন ক্ষেত্ৰৰ লগতে  বিটিচিৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নয়ন হৈছে । বিধায়ক গৰাকীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি তেওঁ নিজেই জনজাতীয়   লোক হয় যদিও অজনজাতীয়  লোক সকলক বুৰ্বক সাজি, ঠগি আহিছে আৰু দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে বুলি কয়।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বাসুমতাৰী, কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰী, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক প্ৰফেছৰ এ কে বৈশ্য, বাক্সা জিলাৰ উপযুক্ত ৰঞ্জন শৰ্মা, বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুনীন দেৱ শৰ্মাকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকলে।