বিটিচি নিৰ্বাচনৰ ৪০ খন আসনৰ চূড়ান্ত ফলাফল ঘোষণা হৈছে।
চূড়ান্ত ফলাফল অনুসৰি BPF-১৭,UPPL-১২ BJP-৯,,CONG-০১ আৰু GSP- এ ১খন আসন লাভ কৰিছে।
চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা মেজিক নম্বৰ ২১ কোনো এটা দলে লাভ কৰা নাই যদিও শেহতীয়া নিৰ্বাচনী ফলাফলে বিটিচিত যে মিত্ৰজোঁটৰেই চৰকাৰ হ’ব তাকেই প্ৰতীয়মান কৰিছে।
বিজেপিৰ সৈতে বিপিএফৰ বিধানসভাত মিত্ৰতা আছে যদিও বিটিচি নিৰ্বাচনত বিজেপিয়ে মিত্ৰ বিপিএফৰ বিৰুদ্ধে যি আক্ৰোশী ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিছিল সেই স্থিতিয়ে দুয়োটা দলক পুনৰ বিটিচিত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কাষ চপাই আনিব পাৰে নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে।
অৱশ্যে ৰাজনীতত যিহেতু সকলো সম্ভৱ সেয়ে চৰকাৰ গঠনৰ স্বাৰ্থত বিজেপিয়ে পুনৰ হাগ্ৰামাৰ সৈতে হাত মিলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
ইপিনে চৰকাৰ গঠন কৰিবলৈ বিজেপিৰ সমৰ্থন বিচাৰি যোৱা নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আলোচনাত মিলিত হয় ইউপিপিএলৰ নেতা প্ৰমোদ বড়ো।আলোচনাত কোনো থিৰাং সিদ্ধান্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
আজিৰ ভিতৰতে বিটিচিত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিয়ে কাক সমৰ্থন জনাই সেয়া স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য এইবাৰ বিটিচি নিৰ্বাচনত ৪০ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মুঠ ২৪১ গৰাকী প্ৰাৰ্থীয়ে।
বিটিচিত ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।