ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখে ঘোষিত বিটিচি নির্বাচনৰ ফলাফলে বিটিআৰৰ ৰাজনৈতিক সমীকৰণত গুৰুত্বপূর্ণ পৰিবর্তন আনিব। হাগ্রামা মহিলাৰীৰ নেতৃত্বত বড়োলেণ্ড পিপলছ ফ্রন্ট (বিপিএফ) এ পাচঁ বছৰৰ পিছত পুনৰ ক্ষমতাধিষ্ঠ হবলৈ সক্ষম হয়। বিপিএফে ৪০ টা আসনৰ ভিতৰত ২৮টা আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ইউপিপিএল কেৱল ৭টা আসন লাভ কৰে আৰু বিজেপি ৫টা আসন লাভ কৰে।
বিপিএফে আকৌ এবাৰ বড়োলেণ্ডৰ ৰাজনীতিত নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হয়। কিন্তু এই সফলতাক কেৱল এক প্রতিষ্ঠান বিৰোধী ঢৌ বুলি ধৰিলে ভুল হব। এই সফলতাৰ আঁৰত ভূমি, পৰিচয় আৰু স্বায়ত্বশাসনৰ ৰাজনীতি সাঙুৰ খাই আছে। তদুপৰি বিটিআৰত সংখ্যালঘু সম্প্রদায়ৰ ভোটৰ ভূমিকাও উল্লেখযোগ্য। মুছলমান ভোটাৰৰ কৌশলগত স্থিতিয়ে বহুকেইটা আসনত বিপিএফক জয়লাভত সহায় কৰিছে।
নির্বাচনৰ ফলাফলে এক স্পষ্ট জনাদেশ আগবঢ়াইছে। বিপিএফে খুব সহজে প্রয়োজনীয় ২১টা আসন লাভ কৰিছে। হাগ্রামা মহিলাৰিয়ে কোনো দলৰ সহায় নোলোৱাকৈয়ে নতুন কাউন্সিল গঠন কৰিব। এই ফলাফলে ক্ষমতাধিষ্ঠ ইউপিপিএল আৰু বিজেপিৰ মিত্রজোঁটক নাকচ কৰিছে। শক্তিশালী নির্বাচনী প্রচাৰৰ পিছতো দুয়োটা দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহল।
নির্বাচনৰ এই ফলাফলৰ বহুকেইটা কাৰণৰ ভিতৰত উল্লেখযোগ্য হল ২০২০ চনৰ বড়োলেণ্ডত শান্তি চুক্তিৰ অপূৰ্ণ প্রতিশ্রূতি, দুর্ণীতিৰ অভিযোগ আৰু কাউন্সিলৰ প্রশাসনত গাফিলতি। ইয়াৰ ওপৰিও স্থানীয় ৰাজনৈতিক দলৰ ঠাইত বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলৰ বর্ধিত আধিপত্যই বহু ৰাজনৈতিক নেতাক শংকিত কৰিছে। এই প্রেক্ষাপটত বিপিএফ ভোটদাতাসকলৰ বহুদিনৰ সংশয় যেনে ভূমিৰ অধিকাৰ, সাংস্কৃতিক অস্তিত্ব আৰু বড়োলেণ্ডত বড়োসকলৰ ৰাজনৈতিক আধিপত্যৰ প্রশ্নকো মূলধন হিচাপে লৈ নির্বাচনত অৱতীর্ণ হৈছিল।
বহু ভোটাৰৰ বাবে বড়োলেণ্ডৰ পর্বতঝৰাত আদানিৰ বাবে আবন্টিত ভূমিয়ে ভূমি অধিকাৰৰ প্রতি পুনৰ সচেতন কৰি তোলে। আৰু এই সংশয়ে কেৱল স্থানীয় বড়োসকলক নহয়, মুছলমান ভোটদাতাসকলৰ ৰাজনৈতিক সিদ্ধান্তকো প্রভাৱিত কৰে। বড়োলেণ্ডত বড়োসকলৰ বাহিৰেও, আদিবাসী, অসমীয়া, কোচ ৰাজবংশী, বঙালী হিন্দু আৰু মুছলমানক আদি কৰি বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠী বসবাস কৰে। কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ সৰহ সংখ্যক সমষ্টিত এই সম্প্রদায়বোৰে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
২০২৫ চনৰ নির্বাচনত বিপিএফৰ উত্থানত মুছলমান ভোটদাতাসকলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। মুছলমানসকলে সাধাৰণতে ভোটবেঙ্ক ৰূপে ভোটদান নকৰে আৰু তেওঁলোকৰ আনুগত্য বহুকেইটা দলৰ মাজত বিভাজিত। কিন্তু তাৰ পিছতো মুছলমান ভোটাৰৰ গৰিষ্ঠ সংখ্যক এইবাৰ বিপিএফক সমর্থন কৰিছে। ইয়াৰ কাৰণবোৰৰ ভিতৰত অন্যতম হল বিজেপিৰ উত্থানকলৈ সংশয়। বিজেপিৰ ৰাজনৈতিক নীতি যেনে এন আৰ চি উন্নীতকৰণ, নাগৰিকত্ব সংশোধনী আইন, বাৰে বাৰে উচ্ছেদৰ পিছতে উচ্ছেদিত দুখীয়া মুছলমানৰ পৰিচয় আৰু নাগৰিকত্বকলৈ প্রশ্ন উত্থাপন কৰাৰ দৰে ঘটনাই মুছলমানসকলক শংকাত পেলাইছে। ইউপিপিএল আৰু বিজেপিৰ জোঁটতকৈ মুছলমানসকলে বিপিএফক সংখ্যালঘুসকলৰ বাবে এক সুৰক্ষিত বিকল্প বুলি অনুভৱ কৰিছে।
বিপিএফে প্রার্থী নির্ধাৰণৰ ক্ষেত্রত সকলোকে অন্তর্ভূক্ত কৰাৰ চেষ্টা কৰিছে। বিশেষ কৰি মিশ্র জনগাথঁনি থকা সমষ্টিবোৰত মুছলমান প্রার্থীক নিক্ষেপ কৰিছে। বহু ক্ষেত্রত ইউপিপিএলৰ তুলনাত বিপিএফে অনা বড়ো ভোটাৰক বেছি গুৰুত্ব দিয়া অনুভৱ হয়। ইউপিপিএলে বড়োভোটৰ একত্ৰীকৰণত বেছি গুৰুত্ব দিয়া বুলি অনুভৱ হয়।
মুছলমান ভোটাৰসকলে কৌশলগতভাৱে বিপিএফক সমর্থন কৰিছে। ইউপিপিএল আৰু বিজেপিৰ বিকল্পৰূপে বিপিএফক সমর্থন কৰি মুছলমান ভোটাৰসকলে নিজৰ ভোট খুব বেছি ভাগ হব দিয়া নাই আৰু বহু কেইটা সমষ্টিত বিপিএফক জয়লাভ কৰাত সহায় কৰিছে।
বড়োলেণ্ড গঠনৰ প্রায় দুটা দশক পাৰ হল। পৰম্পৰাগতভাৱে বড়োলেণ্ডত যদিও বড়ো স্বায়ত্বশাসন, প্রাক্তন বড়ো বিচ্ছিন্নতাবাদী গোটবোৰৰ পুনৰসংস্থাপন আৰু বড়ো সাংস্কৃতিক সংৰক্ষণৰ দৰে বিষয়বোৰত গুৰুত্ব প্রদান কৰা হৈছিল, কিন্তু ২০২৫ চনৰ নির্বাচনে প্রমাণ কৰি দিছে যে মুছলমান ভোটদাতাসকলেও এক নির্ণায়ক ভূমিকা পালন কৰিব পাৰে।
বিপিএফে নিজৰ পৰম্পৰাগত স্থিতি বাদ দিয়া নাই। এই দলটোৰ ৰাজনীতি আজিও বড়োসকলৰ অধিকাৰ আৰু জনজাতিবোৰৰ ভূমি অধিকাৰ সুৰক্ষাত প্রধান বিষয় বস্তু হিচাপে লৈছে। কিন্তু এইবাৰ নির্বাচনত মহিলাৰীয়ৈ এক বৃহত্তৰ জোঁট সৃষ্টি কৰাত সফল হৈছে। বিপিএফে নির্বাচনী প্রচাৰৰ পৰা আৰম্ভ কৰি মুছলমান ভোটাৰবোৰক একাশৰীয়া কৰা নাই। বিটিআৰৰ সকলো নিবাসীকে ভূমিৰ অধিকাৰৰ লগতে বিপিএফ শাসনত থাকিলে বিটিআৰত উচ্ছেদ নহব বুলি মহিলাৰীয়ে আশ্বস্ত কৰিব পৰিছে।
বিটিচিৰ নির্বাচনী ফলাফলৰ প্রাসংগিকতা কেৱল বিটিআৰলৈকে সীমিত হৈ নাথাকে। যি সময়ত ৰাজ্যিক ৰাজনীতিত সাম্প্রদায়িক ধ্রুৱীকৰণে এক শক্তিশালী ৰূপ লৈ আছিল, সেই সময়ত বিটিআৰৰ ৰজনৈতিক সমীকৰণে কিছু নতুন সম্ভাৱনাৰ উমান দিয়ে। যোৱাটো দশকত বিজেপিয়ে অসমত এক শক্তিশালী ভেঁটি স্থাপন কৰে। আনকি অগপৰ দৰে আঞ্চলিক দল বিজেপিৰ সহায়ত হে ৰাজনৈতিক ভাৱে প্রাসংগিক হৈ থাকিব পাৰিছে। তেনে ক্ষেত্রত বিটিআৰত বিজেপিৰ বিফলতাই বিজেপিৰ সম্প্রসাৰণৰ সীমাবদ্ধতা উদঙাই দিছে।
বিপিএফৰ উত্থানে উত্তৰ পূর্বাঞ্চলৰ ৰাজনীতি আৰু বিশেষ কৰি অসমৰ ৰাজনীতিত আঞ্চলিক দলৰ উত্থানৰ প্ৰয়োজনীয়তা আৰু এক সম্ভাৱনীয়তাৰ ইঙ্গিত দিয়ে। যুক্তৰাষ্ট্রীয় ৰাজনীতিত আঞ্চলিক দলৰ ভূমিকা গুৰুত্বপূর্ণ। ধ্রুৱীকৰণৰ ৰাজনীতিৰ আওতাৰ বাহিৰত গৈ মুছলমান ভোটাৰসকলে তেনে এটা দলক সমর্থন কৰাটো এক ইতিবাচক পৰিবর্তন। এনে সিদ্ধান্তই মুছলমানক কেৱল কোনো বিশেষ দলৰ ভোটবেঙ্ক বুলি থকা ধাৰণাক নাকচ কৰে। লগতে সকলো ৰাজনৈতিক দলক মুছলমান ভোটদাতাৰ ওচৰত উন্নয়ণৰ প্রতিশ্রূতিলৈ যাবলৈ উৎসাহিত কৰিব।
পিছে বিপিএফৰ এই বিজয়ৰ লগতে আহিছে নতুন দায়িত্ব আৰু কর্তব্যও। একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত বিপিএফে নিজৰ নির্বাচনী প্রতিশ্রূতিবোৰ পূৰণ কৰিব লাগিব। বড়ো ভোটাৰ সকলে ভূমিৰ অধিকাৰ আৰু নিয়োগৰ সুযোগৰ আশা কৰিব আৰু সংখ্যালঘুসকলেও এই সুবিধাবোৰত উচিত অন্তর্ভূক্তকৰণ আশা কৰিব। এই দাবীবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰা কঠিন যদিও বিপিএফে এইটো চেষ্টা কৰিব লাগিব।
ইয়াৰ ওপৰিও বিপিএফৰ লগত বিজেপিৰ সম্পর্কও লক্ষনীয় হব। বিটিচি নির্বাচনৰ ফলাফলৰ পিছতে অসমৰ মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে যে বিপিএফ এনডিএৰ অংশ আৰু সেয়ে বিটিচিৰ সকলোবোৰ আসন এনডিএৰ সপক্ষে অহা বুলি উল্লেখ কৰিছে। নির্বাচনত বিজেপি বিৰোধী স্থিতি গ্রহণ কৰা বিপিএফে এতিয়া ৰাজ্যিক চৰকাৰৰ লগত কেনে সম্পর্ক ৰক্ষা কৰে সেইটোও লক্ষ কৰিবলগীয়া হব।
বিটিচি নির্বাচনৰ ফলাফল কেৱল এটা দলৰ নাটকীয় পুনৰুত্থানৰ কাহিনী নহয়। বৰঞ্চ এই নির্বাচনে বিটিআৰৰ জটিল আৰু বহুস্তৰীয় ৰাজনীতিৰ উমান দিয়ে য’ত নৃগোষ্ঠীয় পৰিচয়, প্রশাসন আৰু সংখ্যালঘুৰ ৰাজনীতিৰ এক সংমিশ্রণ দেখা যায়। আঞ্চলিক দলৰ গুৰুত্বপূর্ণ উত্থানৰ লগতে সংঘাতময় পৰিবেশত সংখ্যালঘু সম্প্রদায়ৰ কৌশলগত ৰাজনৈতিক স্থিতিৰ কথা উনুকিয়াই দিয়ে।
ক্ষমতাধিষ্ঠ বিজেপিৰ হ্ৰাস পোৱা আসনৰ সংখ্যাই কোনো মতাদর্শই বিশেষ গোটক এলাগি কৰা ৰাজনীতিৰ সীমাবদ্ধতাক দাঙি ধৰে। আনহাতে বিভিন্ন গোটক ৰাজনৈতিকভাৱে একত্ৰিত কৰি ৰাজনৈতিক মুনাফা আৰু সমীকৰণ যে সম্ভৱ সেইটো প্রমাণ কৰে বিপিএফে। ৰাজনৈতিক দলবোৰে ধ্রুৱীকৰণৰ বিৰপৰীতে একত্ৰীকৰণৰ ৰাজনৈতিক কৌশলৰ কথাও চিন্তা কৰিব পাৰে আগন্তুক নির্বাচনবোৰত।
পাৰভিন চুলতানা
(লেখিকা পি বি কলেজৰ অধ্যাপিকা)





